নিউজ ডেস্ক: দেওবাৰে সন্ধিয়া গুজৰাটৰ মোৰবী জিলাত থকা এখন ওলোমা দলং খহি পৰাৰ ফলত নিহত হোৱা লোকৰ সংখ্যা ১৩২ বৃদ্ধি পাইছে। গুজৰাটৰ গৃহ মন্ত্ৰী হৰ্ষ সাংভীয়ে সোমবাৰে এই কথা জানিবলৈ দিয়ে।  

উল্লেখযোগ্য যে জিলাখনৰ মচ্ছু নদীৰ ওপৰত থকা বৃটিছৰ দিনতে নিৰ্মিত দলংখন মেৰামতিৰ পিছত পাঁচদিন পূৰ্বে মুকলি কৰি দিয়া হৈছিল। দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত সংঘটিত শোকাৱহ দুৰ্ঘটনাৰ সময়ত দলংখনৰ ওপৰত মানুহে ঠাহ খাই আছিল বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ আগত উদ্ধাৰ অভিযান প্ৰায় সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি সাংভীয়ে কয়, ‘’উদ্ধাৰ অভিযান প্ৰায় সমাপ্ত হৈছে, শেহতীয়া তথ্য মতে ১৩২ জন লোক নিহত হৈছে আৰু দুজন এতিয়াও সন্ধানহীন হৈ আছে।‘’

কি কাৰণত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’ল তাৰ অনুসন্ধানৰ বাবে ৰাজ্য চৰকাৰে এক তদন্ত কমিটি গঠন কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

একাংশ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে দলংখন খহি পৰাৰ সময়ত তাত বহু সংখ্যক মহিলা আৰু শিশু আছিল।

উক্ত দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকা আৰু আহতসকলৰ পৰিয়ালৰ বাবে ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰা হৈছে। আনহাতে ৰাজ্য চৰকাৰে নিহতৰ পৰিয়ালৰ লোকক ৪ টকা আৰু আহতসকলৰ পৰিয়ালক ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

লগতে পঢ়ক – কাঠভিত্তিক উদ্যোগৰ প্ৰসাৰৰ উদ্দেশ্যে অসম চৰকাৰৰ নতুন নীতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply