নিউজ ডেস্কঃ চলিত বৰ্ষৰ জুন মাহত ভাৰতীয় বিমান সেৱাৰ অন্যতম প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াই কৰ্মচাৰীসকলৰ বাবে স্বেচ্ছামূলক অৱসৰ আঁচনি ঘোষণা কৰিছিল। এয়াৰ ইণ্ডিয়াৰ এই আঁচনিৰ প্ৰতি সঁহাৰি জনাই প্ৰায় ১৬০০ কৰ্মচাৰীয়ে বিমান প্ৰতিষ্ঠানটোৰ পৰা স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন কৰিছে। এই আঁচনি মতে ৫৫ বছৰৰ অধিক বয়সৰ স্থায়ী কৰ্মচাৰী বা ২০ বছৰতকৈ অধিক সেৱা সম্পূৰ্ণ কৰা কৰ্মচাৰীসকলে এই আঁচনিত স্বেচ্ছামূলক নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আঁচনিখনৰ মূল উদ্দেশ্য কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰা। কেবিন ক্ৰু আৰু ক্লাৰিকেল বিভাগৰ কৰ্মচাৰীৰ বাবে বয়সৰ সীমা ৪০ বছৰ ধাৰ্য্য কৰা হৈছে। অৱশ্যে, এই নিয়মবোৰ পাইলটসকলৰ বাবে প্ৰযোজ্য নহয়।
বৰ্তমান এয়াৰ ইণ্ডিয়াত ১০,০০০ কৰ্মচাৰীয়ে কাম কৰি আছে ইয়াৰ ভিতৰত ৭০০০ স্থায়ী কৰ্মচাৰী। চৰকাৰৰ পৰা এয়াৰ ইণ্ডিয়া ক্ৰয় কৰাৰ সময়ত চৰ্ত আছিল যে টাটা গোটে মালিকীস্বত্ব লাভ কৰাৰ পিছত প্ৰথম বছৰত কাকো কামৰ পৰা স্ব-ইচ্ছাই অব্যাহতি দিব নোৱাৰিব। অৱশ্যে, দ্বিতীয় বছৰৰ পৰা স্বেচ্ছামূলক আঁচনি আৰম্ভ কৰিব পাৰিব।
দৈনিক বাতৰি কাকত বিজনেছ ষ্টেণ্ডাৰ্ডত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এয়াৰ ইণ্ডিয়াৰ ১৬০০ কৰ্মচাৰীয়ে ইতিমধ্যে স্বেচ্ছামূলক অৱসৰ ল’বলৈ আবেদন কৰিছে যাৰ ভিতৰত আছে ৭০০০হাজাৰ স্থায়ী কৰ্মচাৰীৰ ২৩শতাংশ। স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন কৰা সকলৰ ভিতৰত আছে কেবিন ক্ৰু, পিয়ন, ক্লাৰিকেল সহায়ক, হাউচকিপিং কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী। বিজনেছ ষ্টেণ্ডাৰ্ডত প্ৰকাশিত এই প্ৰতিবেদনত প্ৰকাশ পাইছে আন এক তথ্য। Airline executiveৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে জুনৰ শেষলৈকে স্বেচ্ছামূলক আবেদন কৰা সকলে অতিৰিক্ত ১লাখ টকা লাভ কৰিব আৰু এই নিয়ম জুলাইৰ শেষলৈকে অব্যাহত থাকিব।