নিউজ ডেস্ক : ফিলিপাইনছত টাইফুনৰ তাণ্ডৱ। চলিত বৰ্ষৰ আটাইতকৈ শক্তিশালী টাইফুনে দেশখনক আঘাত কৰিছে। ভয়ংকৰ সামুদ্ৰিক ঘূৰ্ণীত দেশখনত এতিয়ালৈকে নিহতৰ সংখ্যা ৩৭৫ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰায় নামৰ এই টাইফুনৰ ফলত দেশখনৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলসমূহত ৩,০০,০০০ তকৈও অধিক লোকে নিজৰ ঘৰ আৰু সমূদ্ৰ পাৰত থকা ৰিজৰ্টৰ পৰা পলায়ন কৰিছে। ধুমুহাৰ ফলত বিভিন্ন অঞ্চলত যোগাযোগ আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে।

যোৱা বৃহস্পতিবাৰে ফিলিপাইনছক ১৯৫ কিলোমিটাৰ (১২০ মাইল) বেগেৰে অহা ৰায় টাইফুনে আঘাত কৰে।

দেশখনৰ সামৰিক বাহিনী, আৰক্ষী, উপকূলৰক্ষী বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলক ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ মোতায়েন কৰা হৈছে।

লগতে পঢ়ক : এইবাৰ বন গাহৰিৰ আক্ৰমণত আহত মহিলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply