শুকুৰবাৰে ইজৰাইলত এখন ধৰ্মীয় অনুষ্ঠানত হোৱা লৰা-ঢপৰাত কমেও ৪৪ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে শতাধিক লোক।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি দেশখনৰ মেৰন পৰ্বতৰ পাদদেশত প্ৰতি বছৰে অনুষ্ঠিত ইহুদী লোকসকলৰ পবিত্ৰ লাগ ব’মাৰ (Lag B’Omer) উৎসৱত এই ঘটনা সংঘটিত হয়।
প্ৰতি বছৰৰ দৰে এইবাৰো উৎসৱটোত হাজাৰ হাজাৰ ইহুদী লোক সমৱেত হৈছিল। ক’ভিড মহামাৰী আৰম্ভ হোৱাৰ পিছত ইজৰাইলত অনুষ্ঠিত এইটোৱে আটাইতকৈ বৃহৎ অনুষ্ঠান।
আৰক্ষীৰ মতে কেইগৰাকীমান তীৰ্থযাত্ৰীৰ ভৰি পিছলি এজনে আনজনৰ ওপৰত উবুৰি খাই পৰে। ইয়াকে লৈ সৃষ্টি হোৱা প্ৰচণ্ড হেঁচা-ঠেলাত এই দূৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।
৩৮জন লোকৰ ঘটনাস্থলীত আৰু বাকী সকলৰ হস্পিতালত মৃত্যু হয় বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আহতসকলক ততালিকে হস্পিতালত ভৰ্তি কৰোৱা হয়, ইয়াৰে কেইবাজনৰ অৱস্থা সংকটজনক।
দেশখনৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে উক্ত ঘটনাক এক ‘ডাঙৰ বিপৰ্য্যয়’ বুলি অভিহিত কৰি নিহতসকলৰ বাবে শোক প্ৰকাশ কৰে। উল্লেখযোগ্য যে ইজৰাইলত ব্যাপকভাৱে হোৱা ক’ভিডৰ টীকাকৰণৰ পিছত যথেষ্ট বাধা-নিষেধ উঠাই দিয়া হৈছিল যদিও চিকিৎসকসকলে সাৱধনতা অৱলম্বন কৰিবলৈ সতৰ্ক কৰি আছিল।