নিউজ ডেস্ক : ভাৰতত অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লাহৰ। এতিয়া প্ৰতিদিনে বহু লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। ভাৰতত ২৪ ঘন্টাৰ ভিতৰত কেতিয়াবা যদি আক্রান্তৰ সংখ্যা হ্ৰাস পায়, কেতিয়াবা আকৌ হুৰহুৰাই বৃদ্ধি পায় আক্রান্তৰ সংখ্যা। যোৱা ২৪ ঘন্টাত পুনৰ ভাৰতত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত জাৰি কৰা তথ্য অনুসৰি ভাৰতত পুনৰ যোৱা ২৪ ঘণ্টাত ৪০ হাজাৰতকৈ অধিক লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত ৪৩ হাজাৰ ২৬৩ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। এদিন পূৰ্বে ২৪ ঘণ্টাত আক্রান্ত হৈছিল ৩৭ হাজাৰ ৮৭৫ জন লোক।
ইফালে যোৱা ২৪ ঘণ্টাত ভাৰতত মৃত্যুৰ মুখত পৰিছে ৩৩৮ জন ক’ভিড ৰোগী। ইয়াৰ পৰিবৰ্তে ক’ভিডৰ লগত যুদ্ধ কৰি বিজয়ী হৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা যোৱা ২৪ ঘণ্টাত হৈছে ৪০ হাজাৰ ৫৬৭ জন। যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠা লোকৰ তুলনাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক।
যোৱা ২৪ ঘণ্টাত ভাৰতত সুস্থ হৈ উঠা লোকৰ সংখ্যাতকৈ নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ২ হাজাৰ ৩৫৮ জন অধিক। আনহাতে দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ অধিক সংখ্যক কেৰেলাৰ। আক্রান্তৰ ৭০ শতাংশই কেৰেলাৰ।
লগতে পঢ়ক : সাংবাদিকক তালিবানৰ বৰ্বৰ আক্ৰমণৰ ছবি
যোৱা ২৪ ঘণ্টাত কেৰেলাত ৩০ হাজাৰ ১৯৬ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আনহাতে মৃত্যুৰ মুখত পৰিছে ১৮১ জন ক’ভিড ৰোগী। ইফালে চৰকাৰী তথ্য মতে বুধবাৰৰ দিনটোলৈকে ভাৰতত ৭১ কোটি ৬৫ লাখ ৯৭ হাজাৰ ক’ভিড প্ৰতিষেধক দিয়া হৈছে। যোৱা ২৪ ঘণ্টাত ভাৰতত ৮৬ ৯১ লাখ ক’ভিড প্ৰতিষেধক দিয়া হৈছে।