নিউজ ডেস্কঃ আইপিএল আৰম্ভ হ’বলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা সময়তে মহেন্দ্ৰ সিং ধোনীয়ে আঁচৰ্যজনক এক ঘোষণা কৰিছে। আইপিএল ২০২২ত ছেন্নাই ছুপাৰ কিংছ চমুকৈ CSKৰ অধিনায়কৰ পদ ত্যাগ কৰে এম এছ ধোনীয়ে।

এইবাৰ আইপিএলত দলটোৰ অধিনায়ক হিচাপে খেলিব ৰবীন্দ্ৰ জাডেজাই। আইপিএল ২০২২ত চেন্নাইৰ প্ৰথমখন মেচ হ’ব কলকাতাৰ বিৰুদ্ধে। উল্লেখ্য যে, ধোনীয়ে অধিনায়ক হোৱা সময়ত চাৰিবাৰকৈ আইপিএলত জয়ী হৈছে চেন্নাই।

লক্ষণীয় যে, আইপিএল আৰম্ভ হৈছিল ২০০৮চনত। তেতিয়াৰ পৰা প্ৰতিটো ছিজনতে আইপিএলত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে খেলি আহিছিল এম এছ ধোনীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply