নিউজ ডেস্ক: চৰকাৰ গঠনৰ বাবে তালিবান আগবাঢ়িছে যদিও নেতা কোন হব সেইয়া এতিয়াও অনিশ্চিত । সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে মোল্লাহ বৰাদৰ তালিবান চৰকাৰৰ ৰাজনৈতিক বিষয়ৰ সৰ্বোচ্চ পদবীত থাকিব ।

আনহাতে তালিবানৰ জন্মদাতা মোল্লাহ ওমৰৰ পুত্ৰ মোল্লাহ মহম্মদ য়াকুব আৰু শ্বেৰ মহম্মদ আব্বাছ ষ্টেনেকেজাই থাকিব গুৰুত্বপূৰ্ণ পদবীত ।

তালিবানৰ সকলো জ্যেষ্ঠ নেতা আহি বৰ্তমান কাবুলত বাহৰ পাতিছে । নতুন চৰকাৰ গঠনৰ বাবে সাজু হৈছে সকলো । আন্তৰাষ্ট্ৰীয় স্তৰত সমৰ্থন আদায় কৰাৰ বাবে বৰ্তমান সময়ত বিভিন্ন দেশৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ।

আফগানিস্তানত তালিবানৰ চৰকাৰত অৱশ্যে নাথাকে মহিলা। তালিবানৰ পুৰ্বৰ চৰকাৰৰ কাঠোৰপন্থী নেতা আব্বাছ স্থানেকজায়ে এই সম্ভাৱনা প্ৰকাশ কৰিছে।

ইয়াকে লৈ হেৰাটত একাংশ আফগান মহিলাই একপ্ৰকাৰ নজীৰবিহিন ভাৱে চৰকাৰত মহিলাসকলৰ অন্তৰ্ভুক্তিৰ লগতে কৰ্মৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী মহিলাৰ দলটোৱে কয়, শিক্ষা,কর্মসংস্থাপন, সুৰক্ষা আমাৰ অধিকাৰ।

দেশখনৰ অৰ্থনীতি থানবান হৈ যোৱাৰ ফলত তালিবানে অতি সোনকালে বিশ্বৰ দেশ সমূহৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছে । ১৯৯৬ ৰ পৰা ২০০১ চনলৈকে শাসনত থকা সময়ত দেশবাসীৰ ওপৰত চলোৱা অত্যাচাৰ পুনৰ আৰম্ভ কৰিলে সমস্যাত পৰাৰ কথা জানিব পাৰি বিশেষ ভাবে শান্তি আৰু বিদেশৰ সৈতে সম্পৰ্ক গঢ়াৰ কথা কৈ আহিছে তালিবানে ।

ভাৰতৰ সৈতেও তালিবানে সম্পৰ্কে আৰম্ভ কৰিব বিছাৰিছে | কাটাৰৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীপক মিট্টালৰ সৈতে প্ৰথমখন বৈঠক হৈ গৈছে তালিবানী নেতা মহম্মদ আব্বাছ ষ্টেনেকাজাইৰ সৈতে ।
কাশ্মীৰক লৈ তালিবানী নেতা আনাচ হাক্কানিয়ে কৈছিল কাশ্মীৰ আমাৰ দেশৰ অংশ নহয়, গতিকে তাক লৈ তেওলোকৰ একো কবলগীয়া নাই ।

ইয়াৰ বিপৰীতে সংবাদ প্ৰতিষ্ঠান বিবিচিৰ সৈতে হোৱা কথাবতৰাত তালিবানী মুখপাত্ৰ চুহেইল চাহিনে কাশ্মীৰত থকা মুছলমান সকলক লৈ তেওলোক চিন্তিত । মুছলমানৰ সমস্যা হলে তেওলোকে তাত হস্তক্ষেপ কৰিব বুলিও কয় ।এনে ধৰনৰ বক্তব্যৰ পিছত ভাৰতৰ সৈতে সুস্পৰ্ক কেনেদৰে আগবাঢ়ে এতিয়াও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক ডিম্পলে চিগাৰেট খোৱাৰ বাবে আশিক গুপ্তাই হত্যা কৰিলে ডিম্পলক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply