প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্কঃ মুম্বাইৰ ভাণ্ডুপ স্থিত ছানৰাইজ নামৰ এখন কভিড হস্পিতালত শুকুৰবাৰে ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

অগ্নিকাণ্ডটোত হস্পিতালখনত চিকিৎসাধীন হৈ থকা ৮ গৰাকী কৰোণা ৰোগীৰ মৃত্যু হৈছে।

আৰু পঢ়কঃ দুদিনীয়া ভ্ৰমণ সূচীলৈ বাংলাদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

  হাস্পতালখনত চিকিৎসাধীন হৈ আছিল ৭৬জন ৰোগী। ইয়াৰে ৭৩জন কৰোণা ৰোগী আছিল।

অগ্নিকাণ্ডৰ খবৰ লাভ কৰা লগে লগে ঘটনাস্থলীত উপস্থিত হয় ২৩খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।

হস্পিতালখনৰ পৰা ৭০ জন ৰোগীক উদ্ধাৰ কৰা হৈছে। ইয়াৰে ৩০ গৰাকীক মুলুন্দ জাম্ব’ কোভিড চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছে। বাকী ৰোগীসকলক মুম্বাইৰে অন্যান্য হাস্পতালসমূহলৈ স্থানান্তৰ কৰা হৈছে।

পিছে কি কাৰণে অগ্নিকাণ্ড ঘটনা সংঘটিত হব’লৈ পালে ইয়াৰ প্ৰকৃত কাৰণটো এতিয়াও জানিবলৈ পৰা হোৱা নাই বুলি উল্লেখ কৰে মুম্বাইৰ মেয়ৰ কিশোৰী পাডেনকৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply