নিউজ ডেস্ক– কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জৈইছ- উল-হিন্দে মুকেশ আম্বানীৰ ঘৰৰ বাহিৰত উদ্ধাৰ হোৱা বিস্ফোৰক ৰখাৰ অভিযোগ অস্বীকাৰ কৰে। বৃহস্পতিবাৰে মুকেশ আম্বানীৰ ঘৰৰ বাহিৰত জিলেটিন ষ্টিক থকা এখন পৰিত্যক্ত গাড়ী, মুম্বাই ইণ্ডিয়ানছৰ ল’গ’ থকা এটা বেগ, মুকেশ আম্বানি আৰু পত্নী নীতা আম্বানিক সম্বোধন কৰি লিখা এখনি ভাবুকিপত্ৰ উদ্ধাৰ হৈছিল।

ইয়াৰ পিছতেই মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল। এই সমগ্ৰ ঘটনাৰ আঁৰত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জৈইছ- উল-হিন্দ জড়িত থকাৰ কথা পোহৰলৈ আহিছিল।

সংবাদ মাধ্য়মসমূহত এই বাতৰি প্ৰচাৰিত হোৱাৰ পিছতেই সন্ত্ৰাসবাদীৰ দলটোৰ ফালৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা হৈছে যে তেওঁলোকে কেতিয়াও অনাহকত এইদৰে পইছা দাবী নকৰে আৰু ভাৰতৰ উদ্যোগপতি সকলৰ লগত কেতিয়াও বিবাদত লিপ্ত নহয়। তেওঁলোকে যুঁজি আছে বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে। আমি ভাৰতত অৱহেলিত মুছলমান সকলৰ ন্যায়ৰ বাবে যুঁজিছো পইছাৰ বাবে নহয়। লগতে লিখিছে মুকেশ আম্বানীক তেওঁলোকে কোনো ভাবুকি দিয়া পত্ৰ প্ৰেৰণ কৰা নাই। এই চিঠিখন সম্পূৰ্ণ ভুৱা বুলি উল্লেখ কৰে।

এই ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ ১০ টা দল আৰু এন আই এ য়ে যুটীয়াভাৱে তদন্ত কৰি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply