নিউজ ডেস্কঃ মেঘালয়ৰ এখন কাৰাগাৰত এজন কয়দীৰ মৃতদেহ উদ্ধাৰ। ৪০ বছৰীয়া জ’ন ছাল্লাম নামৰ কয়দীৰ চীপ লৈ থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়।
জানিব পৰা মতে, মেঘালয়ৰ ন্যায়ালয়ে কয়দীজনক এটা হত্যাকাণ্ডত দোষী সাব্যস্ত কৰাৰ পাছত ৫ বছৰ ৮ মাহৰ কাৰাবাস খটাৰ শাস্তি প্ৰদান কৰিছিল। দোষী সাব্যস্ত হোৱাৰ পাছতে কয়দীজনে কাৰাগাৰৰ প্ৰশ্ৰাৱগাৰত চীপ লৈ আত্মহত্যা কৰে।
কাৰাগাৰৰ এগৰাকী আইজিয়ে এই সন্দৰ্ভত কয়- ‘পুৱা ভাগত কয়দীজনৰ মৃতদেহ আমি প্ৰশ্ৰাৱগাৰত চীপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰো। তাৰপাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে কয়দীজনৰ মৃতদেহটো প্ৰেৰণ কৰিছো।’