নিউজ ডেস্কঃ বলীউদৰ জনপ্ৰিয় সংগীতপৰিচালক ৰাম-লক্ষ্মণৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে নাগপুৰৰ তেওঁৰ নিজা বাসভৱনত মৃত্যু হয়।

কেইদিনমান পূৰ্বে তেওঁ কোভিড-১৯ ভেকছিনৰ দ্বিতীয়টো ড’জ লৈছিল। তাৰ পিছত তেওঁ অতি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিছিল। এজন চিকিৎসকে তাৰ বাবে তেওঁৰ চিকিৎসা কৰি আছিল। অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে পুৱতি নিশা ২:০০ বজাত তেওঁৰ মৃত্যু হয় বুলি তেওঁৰ পুত্ৰই জনাইছে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮বছৰ।

সংগীতপৰিচালক গৰাকীৰ প্ৰকৃত নাম আছিল বিজয় পাটিল। ৰাম-লক্ষ্মণৰ নামেৰে যুঁটি বান্ধি তেওঁলোকে প্ৰথম বলীউদ যাত্ৰা আৰম্ভ কৰিছিল। এই জনপ্ৰিয় যুঁটিয়ে ১৯৭৭চনত প্ৰথমখন ছবি ”এজেন্ট বিনোদ”ৰ সংগীতপৰিচালনা কৰাৰ পাছতেই আনজন সংগী ৰামৰ মৃত্যু হয়।

বিজয় পাটিলে নামৰ সাল-সলনি নকৰি ৰাম-লক্ষ্মণৰ নামেৰে বলীউদত এখনৰ পাছত আনখন চলচ্চিত্ৰক কাম কৰি যায়। সংগীতপ্ৰেমী ৰাইজক তেওঁ বহু জনপ্ৰিয় সংগীত উপহাৰ দিছে।

ৰাম লক্ষ্মণৰ সংগীত পৰিচালনাৰে ”মেইনে পেয়াৰ কিয়া”, ”হাম আপকে হে কৌন”, ”হাম সাথ সাথ হে”, ”১০০ দিন” আদিৰ চলচ্চিত্ৰৰ সংগীত বৰ্তমানো খুবেই জনপ্ৰিয়।

কোকিল কন্ঠী লতা মংগেশকাৰে সুৰকাৰগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইটাৰত শ্বেয়াৰ কৰে, “মই এইমাত্ৰ খবৰ পাইছো যে অত্যন্ত প্ৰতিভাশালী আৰু জনপ্ৰিয় সংগীত পৰিচালক ৰাম লক্ষ্মণ জীৰ (বিজয় পাটিল) মৃত্যু হৈছে। এইটো শুনি মই অত্যন্ত দুঃখিত। তেওঁ এজন মহান ব্যক্তি আছিল। মই তেওঁৰ বহুতো গীতত কন্ঠদান কৰিছিলো, যিবোৰ বহুত জনপ্ৰিয় হৈছিল। মই তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাচিছো।”

আৰু পঢ়কঃভৱানীপুৰ সমষ্টিৰ পৰা উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব মমতা বেনাৰ্জীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply