নিউজ ডেস্কঃ নিজৰ পছন্দৰ ল’ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাই হৈ পৰিল কাল। এগৰাকী মুছলমান ছোৱালীয়ে নিজৰ লগতে স্বামীৰ সুৰক্ষাৰ বাবে কাষ চাপিবলগীয়া হ’ল আদালতৰ। আৰু তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা লোক কেইজন আন কোনো নহয়, তেওঁলোকৰে পৰিয়ালৰ লোক।
দৰাচলতে, পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে- ১৬ বছৰৰ ওপৰৰ এগৰাকী মুছলমান ছোৱালীয়ে নিজৰ পছন্দৰ ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব পাৰে। ন্যায়াধীশ যশজিৎ সিং বেদীৰ একক ন্যায়াধীশ বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে পাঠানকোটস্থিত এহাল মুছলমান দম্পতীয়ে সুৰক্ষাৰ বাবে আদালতৰ কাষ চপাৰ পাছত।
১৬ বছৰীয়া মুছলমান ছোৱালী আৰু ২১ বছৰীয়া মুছলমান ল’ৰাই বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত পৰিয়ালৰ সদস্যৰ পৰা সুৰক্ষা বিচাৰি কাষ চাপিছিল ন্যায়ালয়ৰ। আৰু অৱশেষত এই নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে।
বিচাৰপীঠে কয় যে- ”“কেৱল আবেদনকাৰীসকলে পৰিয়ালৰ সদস্যৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহপাশত আবদ্ধ হোৱাৰ বাবেই তেওঁলোকক ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাটো সম্ভৱ নহয়,” লগতে ইছলামিক শ্বৰীয়ত শাসনৰ উদ্ধৃতি দি ন্যায়াধীশ বেদীয়ে কয় যে- ”এগৰাকী মুছলমান ছোৱালীৰ বিবাহ মুছলিম ব্যক্তিগত আইন অনুসৰি পৰিচালিত হয়।”
ইফালে, দম্পতীহালক উপযুক্ত নিৰাপত্তা প্ৰদান কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাঠানকোটৰ এছএছপিক নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে। আবেদনকাৰীয়ে মুছলমান ৰীতি-নীতি আৰু অনুষ্ঠান অনুসৰি তেওঁলোকৰ বিবাহৰ বিৰোধিতা কৰা হয় আৰু তেওঁলোকৰ অনুমতি অবিহনে বিবাহপাশত আবদ্ধ কৰাৰ বাবে তেওঁলোকক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে।