নিউজ ডেস্কঃ বিহাৰৰ সমষ্টিপুৰ জিলাত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। এজন মুছলমান যুৱকক একাংশ লোকে প্ৰথমে প্ৰহাৰ কৰি পাছত জ্বলাই দিয়ে। তাৰপাছত যুৱকজনৰ মৃতদেহটো মাটিত পুতি থয়। এই যুৱকজনক প্ৰহাৰ কৰা এটা ভিডিঅ’ও ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, যুৱকজনৰ মৃত্যু হোৱাৰ পাছত হত্যাকাৰী কেইটাই মৃতদেহটোত পেট্ৰল ঢালি জ্বলাইদিয়ে আৰু তাৰপাছত মৃতদেহটোৰ ওপৰত নিমখ চটিয়াই মাটিত পুতি থয়।
ইফালে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ মতে, খলিল আলম নামৰ মুছলমান যুৱকজনে বাৰম্বাৰ আক্ৰমণকাৰী কেইটাক হাতযোৰ কৰি প্ৰাণৰ ভিক্ষা কৰে। কিন্তু মানৱ ৰূপী দানৱ কেইটাই যুৱকজনৰ এটাও কথা নুশুনে।
তদুপৰি আক্ৰমণকাৰী কেইজনে মুছলমান যুৱকজনক প্ৰশ্ন কৰে যে- আৰু কোনে কোনে গোমাংস বিক্ৰী কৰে? কোৰআনত গোমাংস খাবলৈ অনুমতি দিছে নেকি? ইফালে, তেজস্বী যাদৱেও এই ঘটনাক লৈ টুইট কৰিছে আৰু ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিছে যে- কিয় প্ৰায়ে এনেকুৱা ঘটনা সংঘটিত হৈ আছে? মানুহে কিয় আইন হাতত তুলি লৈছে?