নিউজ ডেস্কঃ দেশবাসীলৈ সুখবৰ। দেশত হ্ৰাস পাইছে মিঠাতেলৰ মূল্য। প্ৰতিলিটাৰ মিঠাতেলৰ মূল্য ৩০টকাৰ পৰা ৪০ টকা পৰ্যন্ত হ্ৰাস পাইছে। নতুন বছৰৰ প্ৰাকক্ষণত ৰাইজলৈ চৰকাৰৰ উপহাৰ।
ইতিমধ্যে কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব ড০ সুধাংশু পাণ্ডেই প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে।
লগতে পঢ়কঃ২০২১বৰ্ষত কিমান সফল হ’ল আনন্দ মিশ্ৰ?
কেন্দ্ৰীয় সচিবগৰাকীয়ে সদৰি কৰা অনুসৰি মিঠাতেলৰ ওপৰত থকা ৰপ্তানি শুল্ক কেন্দ্ৰীয় চৰকাৰে প্ৰায় প্ৰত্যাহাৰ কৰিছে। তাৰ ফলত মিঠাতেলৰ দৰ ১৫ৰ পৰা ২০ শতাংশলৈকে হ্ৰাস পাইছে। ইয়াৰ লগে লগে প্ৰায়সংখ্যক আগশাৰীৰ মিঠাতেলৰ ব্ৰেণ্ডে প্ৰতি লিটাৰত ৩০ৰ পৰা ৪০ টকাপৰ্যন্ত হ্ৰাস কৰিছে। মূল্যবৃদ্ধিয়ে জুৰুলা কৰা গ্ৰাহকৰ বাবে নিশ্চয় এয়া এক ইতিবাচক খবৰ।