নিউজ ডেস্ক: দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ল দ্ৰৌপদী মুৰ্মু। সোমবাৰে ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰি মুৰ্মুৱে কয় যে শীৰ্ষ সাংবিধানিক পদত তেওঁৰ অধিষ্ঠিত হোৱাটোৱে প্ৰমাণ কৰি দেখুওৱালে যে ভাৰতত দৰিদ্ৰসকলে কেৱল সপোন দেখাই নহয়, সেই সপোনবোৰক সাকাৰ ৰূপ দিব পাৰে।

সোমবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত নিজৰ ভাষণত মুৰ্মুৱে তেওঁক নিৰ্বাচিত কৰাৰ বাবে সকলো সাংসদ আৰু বিধায়কক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ কয়, ”মই দেশে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰাৰ দৰে এক গুৰুত্বপূৰ্ণ সময়ত নিৰ্বাচিত হৈছো।”

“এই কাৰ্যালয়ত আহি পোৱাটো মোৰ ব্যক্তিগত সফলতা নহয়, ই দেশৰ সকলো দৰিদ্ৰ লোকৰ প্ৰাপ্তি,” মুৰ্মুৱে কয়।

তেওঁ কয়, “মোৰ নিৰ্বাচনে এই কথা প্ৰমাণ কৰিলে যে ভাৰতত দৰিদ্ৰ লোকসকলে সপোন দেখাৰ লগতে সেই সপোনবোৰক পূৰণ কৰিব পাৰে।”

এইটো ভাৰতৰ গণতন্ত্ৰৰ শক্তি যে দৰিদ্ৰ জনজাতীয় ঘৰত জন্ম গ্ৰহণ কৰা ছোৱালী এজনীয়ে শীৰ্ষতম সাংবিধানিক পদত অধিষ্ঠিত হ’ব পাৰে, মুৰ্মুৱে লগতে কয়।

লগতে পঢ়ক – দেওবাৰে ১১৩ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply