নিউজ ডেস্ক: থাইলেণ্ডত চাকৰি দিয়াৰ প্ৰলোভন দেখুওৱাই লৈ যোৱা ৩০ জনতকৈ অধিক লোকক ম্যানমাৰত থকা ভাৰতীয় দূতাবাসে দেশখনৰ মায়াৱাড্ডি (Myawaddy) অঞ্চলৰ পৰা উদ্ধাৰ কৰে। বুধবাৰে বিষয়টোক লৈ জ্ঞাত এক সূত্ৰই জানিবলৈ দিয়া মতে এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ ফান্দত পৰি ভাৰতৰ ৬০ জন লোক উক্ত অঞ্চলটোত আৱদ্ধ হৈ আছিল আৰু ইয়াৰে ৩০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰা হৈছে।

উল্লেখযোগ্য যে থাইলেণ্ডৰ সীমান্তৱৰ্তী দক্ষিণ-পূব ম্যানমাৰ Kayin ৰাজ্যৰ মায়াৱাড্ডি অঞ্চলটো সম্পূৰ্ণৰূপে ম্যানমাৰ চৰকাৰৰ নিয়ন্ত্ৰণত নাই আৰু কেতবোৰ সশস্ত্ৰ গোটে অঞ্চলটোৰ ওপৰত আধিপত্য বিস্তাৰ কৰি ৰাখিছে।

জানিব পৰা মতে ভাৰতীয় লোককেইজনক আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে থাইলেণ্ডত চাকৰি প্ৰদান কৰাৰ প্ৰলোভন দেখুওৱাই অবৈধভাৱে ম্যানমাৰলৈ লৈ গৈছিল।

অঞ্চলটোত আৱদ্ধ হৈ থকা বাকী লোকসকলক উদ্ধাৰৰ বাবে য়াংগোনস্থিত ভাৰতীয় দূতাবাসে ম্যানমাৰ চৰকাৰৰ সৈতে ঘণিষ্ঠভাৱে যোগাযোগ চলাই আছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – Muscat Airportত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত অগ্নিকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply