নিউজ ডেস্কঃ ম্যানমাৰত সামৰিকবাহিনীৰ হেলিকপ্টাৰে বিদ্যালয়ত আক্ৰমণ। এই আক্ৰমণত ৭টা শিশুসহ ১৩জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও, ১৫ জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে।
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক অভ্যুত্থান সংঘটিত হয়। চ্যু কীৰ নিৰ্বাচিত চৰকাৰখন সেনাই উৎখাত কৰি শাসনভাৰ নিজৰ হাতলৈ নিছিল।তেতিয়াৰে পৰা সেনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ম্যানমাৰৰ জনতাই।
দেশৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়ৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ দূৰত্বৰ Tabayinৰ Let Yet Kone গাঁৱত এই আক্ৰমণ সংঘটিত হৈছে। বিদ্যালয়খনৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি গাঁৱখনৰ উত্তৰে ঘূৰি থকা দুখন এমআই-৩৫ হেলিকপ্টাৰৰে বিদ্যালয়খন আক্ৰমণ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলক তলৰ মহলাৰ শ্ৰেণীকোঠাত সুৰক্ষিত ভাৱে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰা হৈছিল।
হেলিকপ্তাৰ দুখনে বিদ্যালয়খনলৈ মেচিনগান, অস্ত্ৰ-শস্ত্ৰ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল। বিদ্যালয়খনত পাঠদান চলি থকা সময়তে এই ঘটনা সংঘটিত হৈছিল। এই আক্ৰমণত বিদ্যালয়খনৰ ৬গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে।
হেলিকপ্তাৰ দুখনে বিদ্যালয়খনৰ লগতে গাওঁবাসীৰ ওপৰতো আক্ৰমণ চলাইছিল। আক্ৰমণত গাঁওখনৰ এজন ১৩ বছৰীয়া ল’ৰা আৰু ৬গৰাকী প্ৰাপ্তবয়স্ক লোকৰো মৃত্যু হৈছে।
শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে বিগত এবছৰত সামৰিক বাহিনীৰ অত্যাচাৰত মৃত্যু হৈছে ১ হাজাৰ ৫০০ জনৰো অধিক প্ৰতিবাদকাৰীৰ।