নিউজ ডেস্ক : দুৰ্নীতিৰ গোচৰত ম্যানমাৰৰ এখন আদালতে ৰাজনৈতিক নেত্ৰী তথা নবেল বঁটা বিজয়ী আং চান ছ্যু কীৰ দলৰ দুজন সদস্যক ৯০ আৰু ৭৫ বছৰৰ কাৰাদণ্ড বিহিছে।

নেতা দুজনৰ অধিবক্তাই এই কথা জানিবলৈ দিয়ে। উল্লেখযোগ্য যে যোৱা ১ ফেব্ৰুৱাৰীত সেনা বাহিনীয়ে দেশখনৰ শাসন নিজৰ অধীনলৈ অনাৰ পিছত ছ্যু কীৰ National League for Democracy-ৰ কেইবাগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিছিল।

শাসনত বহাৰ পিছত এই পৰ্য্যন্ত মানৱ অধিকাৰ তথা ৰাজনৈতিক কৰ্মী ছ্যু কীৰ দলৰ সদস্যৰ ওপৰত জাৰি কৰা এইটোৱে হৈছে আটাইতকৈ কঠোৰ শাস্তি।

National League for Democracy-দলৰ নেতা তথা দেশখনৰ কায়িন ৰাজ্যৰ প্ৰাক্তন পৰিকল্পনা মন্ত্ৰী Than Naing-ক মঙলবাৰে এখন আদালতে ৬টা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ লগতে ৯০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

আন গৰাকী সদস্য তথা কায়িন ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু ছ্যু কীৰ দলৰ এগৰাকী শীৰ্ষ নেতা Nan Khin Htwe Myint-ক আদালতে ৫টা গোচৰত দোষী সাব্যস্ত কৰাৰ লগতে ৭৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে।

উল্লেখযোগ্য যে সেনা বাহিনীয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা ম্যানমাৰত ব্যাপকৰূপত গণ বিদ্ৰোহ আৰম্ভ হোৱাৰ লগতে দেশখনৰ বিভিন্ন স্থানত সেনা আৰু প্ৰতিবাদকাৰীৰ মাজত যথেষ্ট হিংসাত্মক ঘটনা সংঘটিত হৈছে।

লগতে পঢ়ক : অহা বছৰৰ আগষ্টৰ ভিতৰত কাৰ্যকৰী হৈ উঠিব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply