নিউজ ডেস্ক: ম্যানমাৰত শাসকীয় সামৰিক বাহিনীয়ে চলোৱা এক বিমান আক্ৰমণত কমেও ৫০জন লোক নিহত হোৱাৰ লগতে প্ৰায় শতাধিক লোক আহত হৈছে। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি দেশখনৰ এটা জনগোষ্ঠীয় উগ্ৰপন্থী গোটৰ উদ্দেশ্যে উক্ত আক্ৰমণ চলোৱা হৈছিল।

সংবাদ মাধ্যম বি বি চিত প্ৰকাশিত তথ্য অনুসৰি দেশখনৰ উত্তৰৰ কাচিন প্ৰদেশৰ কানছি গাঁৱত কাচিন ইণ্ডিপেণ্ডেঞ্চ আৰ্মী (KIA)-এ আয়োজন কৰা এক সংগীতানুষ্ঠানত উক্ত বিমান আক্ৰমণ চলোৱা হৈছিল। গাঁৱৰ লোকে অভিযোগ কৰা মতে উক্ত বিমান আক্ৰমণৰ পূৰ্বে সেনা বাহিনীয়ে কোনোধৰণৰ আগতীয়া জাননী প্ৰদান কৰা নাছিল।

জানিব পৰা মতে কাচিন ইণ্ডিপেণ্ডেঞ্চ আৰ্মীয়ে স্বায়ত্তশাসনৰ দাবীত চলাই অহা সংগ্ৰামৰ ৬২ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে উক্ত সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছিল।

আক্ৰমণৰ ফলত মৃত্যু হোৱা সকলৰ ভিতৰত সাধাৰণ নাগৰিকৰ লগতে কাচিন প্ৰদেশৰ চাৰিজন জনপ্ৰিয় গায়কো আছে। একাংশ প্ৰত্যশদৰ্শী অভিযোগ কৰা মতে আহতসকলক সমীপৰ হপকান্তত থকা এখন হস্পিটাললৈ নিয়াত সেনা বাহিনীয়ে বাধা প্ৰদান কৰে।

উল্লেখ্য যে যোৱা বছৰৰ আৰম্ভণিতে সেনাই এখন নিৰ্বাচিত চৰকাৰ উৎখাত কৰাৰ পিছৰে পৰা ম্যানমাৰত সংৰ্ঘষৰ সূত্ৰপাত ঘটিছে। 

লগতে পঢ়ক – কৰিমগঞ্জৰ বদৰপুৰ নবিনচন্দ্ৰ মহাবিদ্যালয়ত নিযুক্তি সৃষ্টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply