নিউজ ডেস্কঃ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত বৰ্তমানো অব্যাহত আছে সামৰিক চৰকাৰ। এই সামৰিক চৰকাৰ জুণ্টাই বুধবাৰে ৪০ টা ৰাজনৈতিক দল ভংগ কৰি দিয়ে।

এই ৪০ টা ৰাজনৈতিক দলৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা শান্তিৰ নোবেল বঁটা বিজেতা আং চান ছ্যু কী নেতৃত্বাধীন নেচনেল লীগ ফ ডেমক্রেটিক (এন এল ডি) দলো।

দেশৰ নতুন আইনৰ অধীনৰ নিয়ম অনুসৰি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বিচৰা সকলো ৰাজনৈতিক দলে পঞ্জীয়ন কৰিব লাগে। যাৰ বাবে দেশখনৰ সামৰিক চৰকাৰে সোমবাৰৰ নিশালৈকে সময়সীমা বান্ধি দিছিল।  

মঙলবাৰে নিশা ৰাজ্যিক সংবাদ মাধ্যম মায়াৱাদি টিভিয়ে প্ৰকাশ কৰে যে, দেশখনৰ ৬৩ টা ৰাজনৈতিক দলে স্থানীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত নাম পঞ্জীয়ন কৰিছিল। কিন্তু একে সময়তে ৰাষ্ট্ৰখনৰ ৪০ টা ৰাজনৈতিক দলে সময়সীমা লৈকে নিৰ্বাচনৰ বাবে স্বাক্ষৰ কৰা নাছিল, যাৰ পিছত তেওঁলোকক ভংগ ঘোষণা কৰা হয়।

ৰাষ্ট্ৰখনৰ সেনাই জানিবলৈ দিয়া অনুসৰি, এই দলবোৰে নতুন নিৰ্বাচনী আইনৰ অধীনত পঞ্জীয়ন কৰাত ব্যৰ্থ হৈছে যাৰ বাবে দলসমূহক ভংগ কৰি দিয়া হৈছে।

২০২১ চনৰ ১ ফেব্ৰুৱাৰীত গণতন্ত্ৰ চৰকাৰক দমন কৰি ম্যানমাৰত সামৰিক চৰকাৰ গঠন হয়। সামৰিক চৰকাৰ আহিয়ে জুণ্টাৰ মুৰব্বী জেনেৰেল মিন আঙে দুবছৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল যদিও যোৱা মাহত পুনৰ ৬ মাহলৈ ইয়াৰ সময়সীমা বৃদ্ধি কৰে।    

মিন আঙৰ ম্যানমানৰ জনসাধাৰণক অতি সোনকালে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ ইংগিত দিছিল ২৭ মাৰ্চত। কিন্তু মিন আঙে ৬ মাহলৈ জৰুৰীকালীনৰ সময়সীমা বৃদ্ধি কৰা আৰু বৰ্তমান ৪০ টাকৈ দল ভংগ কৰি দিয়াৰ পিছতেই ৰাষ্ট্ৰসংঘই দেশখনত অতি সোনকালে গণতন্ত্র বাহাল কৰাৰ বাবে দাবী জনাইছে।

উল্লেখযোগ্য যে, ২০১৬ চনত ম্যানমাৰ জনসাধাৰণে সৰ্বসন্মিত ক্ৰমে আং চান ছ্যু কীক প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিছিল। কিন্তু মিন আঙে ২০২১ চনত সামৰিক চৰকাৰ স্থাপন কৰাৰ পিছতেই শান্তিৰ নোবেল বঁটা বিজয়ী আং চান ছ্যু কীক কাৰাবন্দী কৰে।

লগতে পঢ়ক – অসমৰ ৮২,৭৫১.৮৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ বেদখলত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply