নিৰ্বাচনত জয়লাভ কৰিলে যদিও দলৰ বিধায়কৰ মাজত নেতৃত্বক লৈ চলি থকা মতানৈক্যৰ বাবে দিল্লীলৈ তলব কৰি এন বীৰেন সিঙক মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত কৰে । নতুন দিল্লীত মণিপুৰৰ তত্বাৱধায়ক মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তথা বিজেপিৰ হাই কামাণ্ডক সাক্ষাৎ কৰে । পৰৱৰ্তী সময়ত হোৱা বিজেপিৰ হাই কামাণ্ডৰ বৈঠকৰ পিছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই মণিপুৰৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে এন বীৰেন সিঙৰ নাম ঘোষণা কৰে ।
যোৱা ১০ মাৰ্চত ঘোষণা কৰা ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত ৬০ জনীয়া মণিপুৰ বিধানসভাত বিজেপিয়ে ৩২ আসনেৰে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছিল। তাৰ পিছতো কোন হ’ব মণিপুৰৰ মুখ্যমন্ত্ৰী তাক লৈ কিছু মতভেদ আৰু উৎকণ্ঠা আছিল । এইবাৰ মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ বাবে এন বীৰেন সিঙৰ লগতে জ্যেষ্ঠ বিজেপিৰ নেতা টি এইচ বিশ্বজিত সিং সমানেই দাবীদাৰ আছিল ।
দলত বিসম্বাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বতই এন বীৰেন সিঙ, মণিপুৰ ৰাজ্যিক সভাপতি এ সাৰদা দেবী আৰু বিধায়ক টি এইচ বিশ্বজিত সিঙক একেলগে নতুন দিল্লীলৈ তলব কৰে ।দিল্লীতেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই বীৰেন সিঙক মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে । ফাকুৱা উৎসৱৰ পিছতেই দ্বিতীয়টো কাৰ্যকালৰ বাবে এন বীৰেন সিঙে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ কথা ।