নিউজ ডেস্ক : মন জিলাত সেনা বাহিনীৰ গুলীত সাধাৰণ নাগৰিকে প্ৰাণ হেৰোৱা ঘটনাক কেন্দ্ৰ কৰি হৰ্নবিল মহোৎসৱ বাতিল কৰিছে নাগালেণ্ড চৰকাৰে। নাগালেণ্ড কেবিনেটত আজি গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।
উল্লেখযোগ্য যে নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই নাগালেণ্ড চৰকাৰে হৰ্নবিল মহোৎসৱৰ কালি (সোমবাৰ) দিনটোৰ কাৰ্য্যসূচী বাতিল কৰিছিল।
ইয়াৰ পূৰ্বে ইষ্টাৰ্ন নাগালেণ্ড পিপোলচ অৰ্গেনাইজেশ্যন (ENPO) -ৰ অধীনত নাগালেণ্ডৰ ৬ টা জনগোষ্ঠীয়ে মহোৎসৱৰ পৰা নিজক আঁতৰাই আনিছিল। কন্যাক জনগোষ্ঠীৰ শীৰ্ষ সংগঠন কন্যাক ইউনিয়নেও মহোৎসৱটোৰ পৰা প্ৰত্যাহাৰ কৰিছিল।

পৰৱৰ্তী সময়ত নাগা জনগোষ্ঠীৰ বাকী সংগঠন বিলাকেও মহোৎসৱত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰতি বছৰৰ দৰে এইবাৰো নাগালণ্ডৰ কিছামা হেৰিটেজ ভিলেজত ১ ডিচেম্বৰৰ পৰা হৰ্নবিল মহোৎসৱ আৰম্ভ হৈছিল। ২০ দিনীয়া এই বাৰেৰহনীয়া মহোৎসৱত প্ৰতি বছৰে দেশ বিদেশৰ পৰা অহা সহস্ৰধিক পৰ্য্যটকে অংশগ্ৰহণ কৰে।
যোৱা শনিবাৰ আৰু দেওবাৰে নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছৰ গুলীচালনাত ১৪ গৰাকী সাধাৰণ নাগৰিকে প্ৰাণ হেৰোৱাইছিল।
লগতে পঢ়ক : পৌৰসভা নিৰ্বাচনত মহিলাৰ বাবে বিশেষ সংৰক্ষণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ