কহিমা : কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে নাগালেণ্ডত আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰিছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA। ডিচেম্বৰৰ শেষলৈকে গৃহ মন্ত্ৰ্যায়লয়ে ৰাজ্যখনক ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰে।
বুধবাৰে এখন জাননী যোগে মন্ত্ৰ্যালয়ে এই কথা সদৰী কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰত ৰাজ্যখনত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি কৰা হৈছিল।
আজিৰ বিজ্ঞপ্তিত গৃহ মন্ত্ৰ্যালয়ে কয় যে নাগালেণ্ড এনে এক অশান্তময় আৰু ভয়ংকৰ পৰিস্থিতিত আছে যে নাগৰিকৰ সুৰক্ষাৰ বাবে AFSPA-ৰ প্ৰয়োজন আছে।
লগতে পঢ়ক : ৭ বছৰীয়া পুত্ৰই মোবাইলত গে’ম খেলোতে উঠিল ১.৩৩ লাখ টকাৰ বিল!
সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ধাৰা ৩ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
যোৱা বছৰৰ ফেব্ৰুৱাৰিত নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’ই কৈছিল যে নাগা চুক্তিৰ বিষয়টো মীমাংসা নোহোৱা পৰ্য্যন্ত ৰাজ্যখন ‘অশান্ত অঞ্চল’ হিচাপে চিহ্নিত হৈ থাকিব।
ৰাজ্য চৰকাৰে উক্ত আইনখন উঠাই ল’বলৈ যিমানেই নকওক লাগিলে কেন্দ্ৰীয় চৰকাৰে ইয়াক সদায় বৃদ্ধি কৰি থাকে বুলি মুখ্য মন্ত্ৰীজনে লগতে কয়।