সোণাৰি : শোকাকুল পৰিৱেশত একেলগে চৈধ্যজন লোকৰ অন্ত্যোষ্টিক্ৰীয়া সম্পন্ন হ’ল নগালেণ্ডৰ অ’টিংবস্তিত। চুবুৰীয়া ৰাজ্যখনৰ মন জিলাৰ অ’টিংবস্তিত ৰাজহুৱা ভাৱে একেলগে অন্ত্যোষ্টিক্ৰীয়া সম্পন্ন কৰিলে সেনাৰ গুলীত নিহত চৈধ্যজন লোকৰ।
শনিবাৰে নিশা ২১ নং পেৰা মিলিটাৰিৰ গুলীত প্ৰাণ গৈছিল এইসকল নিৰিহ লোকৰ। মিলিটাৰিৰ গুলীত প্ৰাণযোৱা লোককেইজনৰ মৃতদেহ দেওবাৰে মন জিলাৰ সদৰলৈ নিয়াৰ পাছত সোমবাৰে মুখ্যমন্ত্ৰী নেফিঅ ৰিঅ’ৰ উপস্থিতিত ৰাজহুৱাকৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল।
ইয়াৰ পাছতে মন টাওনৰপৰা অ’টিংবস্তিলৈ প্ৰায় চাৰে তিনিঘণ্টা জোৰা পথ শ্মশান যাত্ৰা কৰি লৈ অহা হয় নিহত লোককেইজনৰ মৃতদেহ। আনহাতে যাত্ৰাপথত বিভিন্ন ঠাইত শেষ শ্ৰদ্ধা জনায় নগালোকসকলে।
সোমবাৰে সন্ধিয়া নিহত লোককেইজনৰ মৃতদেহ অ’টিংবস্তিত উপস্থিত হোৱাৰ পাছত কান্দোনৰ ৰোল উঠে গাঁওখনত। ইফালে নিশাই আটাইকেইজন লোকৰ অন্ত্যোষ্টিক্ৰীয়া সম্পন্ন কৰে ৰাজহুৱাকৈ।
মন কৰিবলগীয়া যে, অসমীয়া জাতিৰ স্বাভিমান গামোচা প্ৰদানেৰে নিহত লোককেইজনলৈ শেষ শ্ৰদ্ধা জনাই অসমীয়া আৰু নগাৰ মাজত থকা সম্প্ৰীতি তথা ভাতৃত্ববোধৰ বান্ধোন পুনৰ উজ্বলাই তোলা পৰিলক্ষিত হয় অ’টিংবস্তিত।
লগতে পঢ়ক : ‘গোলাপী জামুৰ লগ্ন’ৰ কবি নীলমনি ফুকনলৈ জ্ঞানপীঠ বটাঁ