নিউজ ডেস্ক– কৰোণা মহামাৰীৰ সংক্ৰমণ কিছু খাম কাটিছে যদিও দেশৰ কোনো কোনো প্ৰান্তত পুনৰ এই মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। মহাৰাষ্ট্ৰৰ নাগপুৰত আকৌ ঘোষণা কৰা হৈছে লকডাউন। বিগত কিছুদিন ধৰি নাগপুৰত আকৌ বৃদ্ধি পাইছে কৰোণা ভাইৰাছৰ সংক্ৰমণ। এই সংক্ৰমণ ৰোধৰ বাবে  ১৫মাৰ্চৰ পৰা ২১ মাৰ্চ পৰ্যন্ত নাগপুৰত পুনৰ লকডাউনৰ ঘোষণা কৰা হৈছে। এই সময়খিনিত কেৱল জৰুৰীকালীন সেৱা সমূহ অব্যাহত থাকিব। 

মুম্বাইৰ পৰা থানে অঞ্চলত মহাৰাষ্ট্ৰ চৰকাৰে লকডাউন ঘোষণা কৰা পিছত, জলগাওঁ জিলাত তিনিদিনৰ বাবে জনতা কাৰ্ফিউ ঘোষণা কৰা হৈছে। ইয়াৰ উপৰিও নাছিকত নৈশ কাৰ্ফিউ ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ চৰকাৰে। জলগাঁৱত ১২ মাৰ্চৰ পৰা ১৪ মাৰ্চৰ লৈকে জনতা কাৰ্ফিউ জাৰি থাকিব। মঙলবাৰে থানে প্ৰশাসনে চহৰখনৰ ১১টা কৰোণাৰ হটস্পট  অঞ্চলত ১৩ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে লকডাউন ঘোষণা কৰিছে। 

নাছিক, নন্দগাওঁ, মালেগাওঁ আৰু নিফাড় অঞ্চলৰ সকলো শিক্ষাপ্ৰতিষ্ঠান অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। বিগত কিছুদিন ধৰি মহাৰাষ্ট্ৰত প্ৰতিদিনে ১০০০জনকৈ লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply