নিউজ ডেস্ক– সমগ্ৰ বিশ্বতেই কৰোণা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিলে। কৰোণাৰ ভেকচিন প্ৰস্তুত কৰাটো এটা ব্যয়বহুল প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো দীঘলীয়া আৰু অনিশ্চয়তাৰে ভৰা।  এই ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰাৰ সন্দৰ্ভত দীৰ্ঘদিন ধৰি নানা জল্পনা-কল্পনাৰ অন্তত ভাৰতবৰ্ষই প্ৰস্তুত কৰি উলিয়ালে কৰোণাৰ ভেকচিন।

কৰোণা ভেকচিন ভাৰতে প্ৰস্তুত কৰা সন্দৰ্ভত কানাডাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিলে জনতাই। ট’ৰন্টৰ ৰাস্তাই-ঘাটে ওলমিল প্ৰধানমন্ত্ৰীগৰাকীৰ প’ষ্টাৰ। 

দেশখনত কৰোণা ভাইৰাছৰ ভেকচিন যোগান ধৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীগৰাকীক ধন্য়বাদ জ্ঞাপন কৰি ট’ৰন্টৰ পথৰ কাষত ওলমিল প্ৰধানমন্ত্ৰী গৰাকীৰ ফটো সম্বলিত পষ্টাৰ। 

ভাৰতে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশত কৰোণাৰ ভেকচিন যোগান ধৰিছে। সেয়ে বহু দেশে ভাৰতক এই ক্ষেত্ৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে। কানাডাৰ বাহিৰেও নেপাল, বাংলাদেশকে ধৰি কেইবাখনো দেশক ভেকচিনৰ যোগান ধৰি কৰোণা মহামাৰীৰ লগত যুঁজ দিয়াত সহায় আগবঢ়াইছে ভাৰতে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply