নিউজ ডেস্কঃ আজি অসমকে ধৰি উত্তৰ–পূবৰ ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে কোভিড পৰিস্থিতিৰ সন্দৰ্ভত Video Conferencing জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৈঠকত মিলিত হয়।

বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলোৱে সজাগ হৈ থাকিব লাগিব; অন্যথা আমি ইয়াৰ ফল ভুগিব লাগিব । প্রতিটো পদক্ষেপেই অতি গুৰুত্ব সহকাৰে ল’ব লাগিব।

বিনামূলীয়া ভেকচিন সকলোকে প্ৰদানৰ দিহা কৰা হৈছে। ৰাইজে এই সুবিধা গ্ৰহণ কৰাৰ দিশত অগ্ৰাধিকাৰ দিয়ক। পৰীক্ষা প্ৰণালী আৰু চিকিৎসা সেৱাৰ আন্তঃগাঁথনি ভাল কৰক।”

আৰু পঢ়কঃদৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ বাবেই মানৱদেহৰ অংগ বিক্ৰীৰ ভয়ংকৰ তথ্য

দেশৰ স্বাস্থ্য খণ্ডৰ উত্তৰণৰ কাৰণে ২৩০০০কোটি টকা মঞ্জুৰ কৰিছে কেবিনেটে।উত্তৰ–পূবৰ ৰাজ্যই এই সুবিধা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। এই ধন Genome Sequencing, testing, ICU Bed আদি উপলব্ধ কৰাতো ব্যৱহাৰ হ’ব।

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ”উত্তৰ–পূবৰ ৰাজ্যত কোভিড পজিটিভ কেচ বাঢ়িছে যি শংকাৰ কাৰণ হৈছে । আমি চাব লাগিব কিয় এনে হৈছে। গোটেই মোকাবিলাৰ প্ৰক্ৰিয়াটো Micro levelলৈ লৈ গৈ আমি প্ৰতিকাৰ বিচাৰিব লাগিব। Micro Containment Zone এটা উচিত উপায়। এই দিশত অধিক জোৰ দিয়াৰ প্ৰয়োজন।

আমি variantৰ ওপৰতো চকু ৰাখিব লাগিব। দ্বিতীয় লহৰৰ অভিজ্ঞতাৰ পৰা আমি শিক্ষা ল’ব লাগে।
এইয়া ফূৰ্তি কৰাৰ সময় নহয়। এনে কৰি আমি তৃতীয় লহৰক আমন্ত্ৰণ জনাইছো।
উত্তৰ–পূবতো অধিক পৰীক্ষাৰ প্ৰয়োজন। মই নিশ্চিত আমি জয়ী হ’ম।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,127 other subscribers

Leave a comment

Leave a Reply