নিউজ ডেস্কঃ আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছাই শেহতীয়াকৈ ছচিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰিছে। নাছাৰ ইনছাইট মাৰ্চ লেণ্ডাৰৰ দ্বাৰা তোলা এইখন হৈছে অন্তিমখন ছেলফী। উল্লেখ্য যে, এই ফটোখন তোলা হৈছিল ২৪ এপ্ৰিল, ২০২২ত আৰু ফটোখনত দেখা গৈছে যে নাছাৰ এই লেণ্ডাৰ সম্পূৰ্ণৰূপে ধূলিৰে ঢাক খাই গৈছে। এতিয়া নাছাৰ এই ফটোখন ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

নাছাই প্ৰায়ে নিজৰ ছচিয়েল মিডিয়া একাউন্টত এই লেণ্ডাৰ সম্পৰ্কীয় তথ্যসমূহ শ্বেয়াৰ কৰি আহিছে। এই ফটোখন শ্বেয়াৰ কৰি নাছাই লিখিছে- ”Dust in the wind. Swipe to see what 1,211 Martian days, or sols, of exposure to the elements of Mars, looks like. Our InSight Mars lander took its final selfie on April 24, 2022. Covered in a layer of dust, the second image displays the lander after operating in a limited capacity unable to generate the power levels of yesteryear.”

উল্লেখযোগ্য যে, দুদিন পূৰ্বে নাছাই শ্বেয়াৰ কৰা এইখন ফটোত প্ৰায় ২.৭ মিলিয়ন লাইকছ দিছে ছচিয়েল মিডিয়াত। আৰু ছচিয়েল মিডিয়া যেনে- ফেচবুক, ইনষ্টাগ্ৰাম আদিত এইখন ফটো বহু লোকে শ্বেয়াৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply