নিউজ ডেস্ক : বিশিষ্ট অভিনেতা নাছিৰুদ্দিন শ্বাহ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। বুধবাৰে অভিনেতা গৰাকীৰ পত্নী ৰত্না পাঠক শ্বাহে জনোৱা মতে নাছিৰুদ্দিন শ্বাহ নিউমোনিয়াত আক্ৰন্ত হৈছে।
৭০ বছৰীয়া শ্বাহক মঙলবাৰে মুম্বাইৰ খাৰ হিন্দুজা হস্পিতালত ভৰ্তি কৰোৱা হৈছিল বুলি তেওঁৰ পত্নীয়ে জানিবলৈ দিয়ে।
চিকিৎসালয়খনৰ সূত্ৰই জনোৱা মতে অভিনেতা গৰাকীৰ হাওঁফাওঁ নিউমোনিয়াত আক্ৰান্ত হৈছে আৰু বৰ্তমান তেওঁক চিকিৎসা চলাই থকা হৈছে।
লগতে পঢ়ক : কিদৰে অসমৰ ভিতৰুৱা অঞ্চলত কম খৰচি আৰু সুস্থিৰ সৌৰ শক্তিয়ে বহুজনক জীৱন-দান দিছে
শ্যাম বেনেগলৰ ‘নিশান্ত’ ছবিৰে ১৯৭৫ চনত চিনেমাত প্ৰৱেশ কৰা বৰেণ্য অভিনেতা নাছিৰুদ্দিন শ্বাহে স্পৰ্শ, জানে’ ভি ডো য়াৰো, মাচুম আদি কেইবাখনো উল্লেখযোগ্য ছবিত অভিনয় কৰিছে।
৩ বাৰকৈ ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত অভিনেতাজনে অভিনয় কৰা মুঠ ছবিৰ সংখ্যা ১০০ খনকৈ অধিক। চিনেমাৰ উপৰি নাটকতো প্ৰচুৰ অভিনয় কৰা শ্বাহৰ আছে মোটলে প্ৰডাকচন নামৰ এটা থিয়েটাৰ গ্ৰোপ।
যোৱা বছৰ তেওঁ আমাজন প্ৰাইমৰ ‘বন্দিশ বেণ্ডিটছ’ নামৰ এখন ভিডিঅ’ চিৰিজতো অভিনয় কৰিছিল।