নিউজ ডেস্ক: দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবলৈ ওলোৱা চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে ৰাজহুৱা খণ্ডৰ বেংকসমূহে দেশজুৰি ধৰ্মঘট পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । অহা ১৫ আৰু ১৬ মাৰ্চত সকলো ৰাজহুৱা খণ্ডৰ বেংকে দেশজুৰি ধৰ্মঘট পালন কৰিব। ৰাজহুৱা খণ্ডৰ নটা বেংকৰ ইউনিয়ন আৰু ইউটিনেট ফ’ৰাম অব্ বেংক ইউনিয়নে এই ধর্মঘট পালন কৰাৰ কথা উল্লেখ কৰিছে ।
কেন্দ্ৰীয় বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা খণ্ডৰ দুটা বেংক আৰু এটা বীমা কোম্পানীক বেচৰকাৰীকৰণ কৰাৰ কথা ঘোষণা কৰাৰ কথা ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা খণ্ডৰ বেংকসমূহে এই ধৰ্মঘটৰ আহ্বান জনাইছে । ভাৰতীয় ষ্টেট বেংক, আই.ডি.বি.আই. বেংক আৰু কানাড়া বেংকৰ ফালৰ পৰা এক বিবৃতি যোগে কয় যে, অহা ১৫ আৰু ১৬ মাৰ্চৰ ধর্মঘটে দেশৰ বেংকসূহৰ কামকাজত বিশেষভাৱে প্ৰভাৱিত কৰিব।