নিউজ ডেস্ক : পাঞ্জাৱ কংগ্ৰেছত পুনৰ সমস্যা। পাঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে নৱজোত সিং সিদ্ধুৱে। ছোনিয়া গান্ধীলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে নৱজোত সিং সিদ্ধুৱে। পাঞ্জাৱৰ নতুন কেবিনেটকলৈ সন্তুষ্ট নাছিল নৱজোত সিং সিদ্ধু।

পুনৰ বিপদত পৰিছে পাঞ্জাৱ কংগ্ৰেছ। পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা নৱজোত সিং সিদ্ধুৰ পদত্যাগে পাঞ্জাৱত পুনৰ সমস্যাত পেলাইছে। মঙলবাৰে নৱজোত সিং সিদ্ধুৱে পাঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি ছোনিয়া গান্ধীলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

ছোনীয়া গান্ধীলৈ লিখা এখন পত্ৰত লিখিলে যে, পাঞ্জাৱৰ ভৱিষ্যত আৰু কল্যাণ স্বাৰ্থত তেওঁ কম্প্ৰমাইজ কৰিব নোৱাৰে। সেয়েহে তেওঁ পাঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰি পৰৱৰ্তীসময়ত দলৰ এগৰাকী কৰ্মী হিচাপে কাম কৰি যাব বুলি উল্লেখ কৰিছে।

কিছুদিন পূৰ্বে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা অমৰিন্দৰ সিং পদত্যাগ কৰাৰ পিছতে চৰণজিৎ সিং চন্নীক পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিছিল কংগ্ৰেছে। নতুন মুখ্যমন্ত্ৰীৰ কেবিনেটকলৈ সন্তুষ্ট নাছিল নৱজোত সিং সিদ্ধু।

লগতে পঢ়ক : ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটা লৈ দিন হাজিৰা কৰি পেট প্ৰৱৰ্ত্তাইছে ভূগেশ্বৰ পগাগে

উল্লেখ্য যে নৱজোত সিং সিদ্ধুৱে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে অমৰিন্দৰ সিংৰ বিৰোধিতা কৰি আহিছিল। অমৰিন্দৰ সিং পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে যদিও কংগ্ৰেছে নৱজোত সিং সিদ্ধুৰ সপোন ভংগ কৰি চৰণজিৎ সিং চন্নীক মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিছিল।

ইফালে নৱজোত সিং সিদ্ধুৱে পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং। নিজৰ টুইটত তেওঁ কয় “মই আগতেই কৈছিলো তেওঁ অস্থিৰ ব্যক্তি, কোনো কাৰণতেই তেওঁ সীমামূৰীয়া ৰাজ্যৰ বাবে উপযুক্ত ব্যক্তি নহয়।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply