নিউজ ডেস্ক– অন্যতম সৌন্দৰ্য্য প্ৰতিযোগিতা মিছেচ ইণ্ডিয়া ৱৰ্ল্ড২০২১ৰ খিতাপ অৰ্জন কৰিলে নৱদ্বীপ কৌৰে। প্ৰতিযোগিতাখনিত প্ৰথম ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে অনুপ্ৰীত কৌৰে আৰু দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে শ্ৰুতি চৌহানে। যোৱা ২৩ জানুৱাৰীত দমনত অনুষ্ঠিত হৈছিল এই সৌন্দৰ্য্য প্ৰতিযোগিতাখনি।

নৱদ্বীপ কৌৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা ৬১গৰাকী সুন্দৰীৰ লগত প্ৰতিদ্বন্দিতা কৰি বিজয়ীৰ খিতাপ লাভ কৰে। প্ৰতিযোগিতাখনৰ বিভিন্ন ৰাউণ্ডৰ বিচাৰক আসনত আছিল প্ৰতিযোগিতাখনৰ পৰিচালক মোহিনী শৰ্মা, অভিনেত্ৰী ছোহা আলি খান, বিবেক ওবেৰয়, মিছেচ ৱৰ্ল্ড ২০২০ কেৰোলিন জুৰি আৰু ডিজাইনাৰ মৌচুমী মেৱাৱালাক ।

এই প্ৰতিযোগিতাখন আয়োজন কৰিছে ”Mrs India inc”য়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply