নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকক অহা ৭ মাৰ্চলৈ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বিশেষ পিএমএলএ ন্যায়ালয়ে আজি এই নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়ালয়ে ৭ মাৰ্চলৈ নবাব মালিকক এনফৰ্চমেন্ট ডায়ৰেক্টৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

ইয়াৰ পূৰ্বে তেওঁক ৩ মাৰ্চলৈ জিম্মাত ৰখা হৈছিল। উল্লেখ্য যে, যোৱা ২৩ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী মালিকক গ্ৰেপ্তাৰ কৰা হৈছিল। মষ্ট ৱান্টেড ডন ডাউড ইব্ৰাহিমৰ সৈতে ধনৰ লেনদেন কৰা এক অভিযোগত তেওঁক উক্ত দিনটোত সোধা-পোছা কৰাৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰে।

ইফালে, ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে কৈছিল- ‘মোক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু ভয় নকৰো। মই যুঁজিম আৰু জয়ী হম।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply