নিউজ ডেস্কঃ ছত্তীশগড়ৰ বীজাপুৰ জিলাত মাওবাদীয়ে এগৰাকী নিৰীহ লোকক হত্যা কৰে। লোকজনক মাওবাদীয়ে চোকা অস্ত্ৰৰে হত্যা কৰা বুলি জানিব পৰা গৈছে। বীজাপুৰ আৰক্ষীয়ে কয় যে- যোৱা ১৭ মাৰ্চত অংগমপল্লীগুৱা গাঁৱত য়ালম শংকৰ নামৰ লোকজনক হত্যা কৰে মাওবাদীয়ে। মাওবাদীয়ে য়ালমক আৰক্ষীক মনে মনে মাওবাদীৰ খবৰ দি থকাৰ সন্দেহত হত্যা কৰিছে।
লগতে আৰক্ষীয়ে জনাই যে, লোকজনক হত্যা কৰি মাওবাদীয়ে তাৰ পৰা পলায়ন কৰে। হত্যাকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে য়ালমৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
লগতে আৰক্ষীয়ে এখন পত্ৰ লাভ কৰিছে, য’ত মাওবাদীয়ে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সদৰি কৰিছে। আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।