অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত এটা ড্ৰাগছৰ গোচৰত ভাৰতৰ মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো (নাৰ্কোটিকছ কণ্ট্ৰ’ল ব্যুৰো)-এ প্ৰয়াত অভিনেতাজনৰ সৈতে একেলগে থকা সিদ্ধাৰ্থ পিথানী নামৰ তেওঁৰ বন্ধুজনক গ্ৰেপ্তাৰ কৰিছে।

শুকুৰবাৰে নাৰ্কোটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ এগৰাকী বিষয়াই এই কথা সদৰী কৰে।

পিথানীক হায়দৰাবাদত গ্ৰেপ্তাৰ কৰি পিছত মুম্বাইলৈ অনা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে পিথানী বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীৰ এগৰাকী ঘণিষ্ঠ বন্ধু আছিল আৰু মুম্বাইৰ বান্দ্ৰাস্থিত সুশান্ত সিং ৰাজপুতৰ ঘৰটোত প্ৰয়াত অভিনেতাজনৰ সৈতে একেলগে বাস কৰিছিল।

লগতে পঢ়ক : কিয় চলিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত গুলীচালনা? দিছৈত উত্তেজনা অব্যাহত

বিষয়া গৰাকীয়ে জনাই যে নাৰ্কোটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ তদন্তত, অভিনেতাজনৰ মৃত্যুৰ পিছত চৰ্চালৈ অহা ড্ৰাগছৰ বিষয়টোত পিথানী জড়িত থকাৰ কথা পোহৰলৈ আহে, যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

নাৰ্কোটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ বিষয়া সমীৰ ৱানখেড়েৰ নেতৃত্বত এটা দলে অভিযান চলাই পিথানীক হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি তেওঁ জানিবলৈ দিয়ে।

২০২০ চনৰ ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত এপাৰ্টমেণ্টত ৩৪ বছৰীয়া সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰ হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply