নিউজ ডেস্কঃ শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ লগত নাম সাঙোৰ খোৱা অনন্যা পাণ্ডেলৈয়ো এন চি বিৰ চমন। বৃহস্পতিবাৰে ঘটনাৰ সংক্ৰান্তত অভিনেত্ৰী অনন্যা পাণ্ডেৰ ঘৰত অভিযান চলাই এনচিবিয়ে।
এনচিবিয়ে আজি অভিনেত্ৰীগৰাকীক কৰিব পাৰে সোধা-পোছা। ইতিমধ্যে অনন্যা পাণ্ডেৰ ঘৰৰ পৰা কেইবাটাও ফোন, লেপটপ আৰু ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰিছে। এনচিবিয়ে লাভ কৰা হোৱাটচএপ চ্যাটত দেখা গৈছিল যে, আৰিয়ান খান আৰু অনন্যা পাণ্ডেই কথা পাতিছিল। এনচিবিৰ জোনেল ডিৰেক্টৰ সমীৰ ৱাংখেৰেই অনন্যা পাণ্ডেক সোধা-পোছা কৰিব।
অভিনেত্ৰীগৰাকীক দিনৰ ২ বজাত এন চি বিৰ কাৰ্যালয়ত সোধপোচৰ বাবে উপস্থিত হোৱাৰ বাবে নিৰ্দেশ দিয়ে। কিন্তু ২.৩০ বজালৈ অনন্যা এন চি বিৰ কাৰ্যালয়ত উপস্থিত নহয়।
ইফালে,মুম্বাইৰ NDPS আদালতে ড্ৰাগছৰ গোচৰত অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন আবেদন পুনৰ নাকচ কৰিছে। আদালতে আৰিয়ান খানৰ লগতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনো নাকচ কৰিছে।
মুম্বাই টু গোৱা বিলাসী জাহাজৰ ড্ৰাগছ পাৰ্টীৰ সন্দৰ্ভত অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰাই কাৰাগাৰত আছে আৰিয়ান খান।

আৰিয়ান খানৰ বিৰুদ্ধে এনডিপিএছ আইনৰ ধাৰা ৮(চি), ২০(বি), ২৭, ২৮, ২৯ আৰু ৩৫ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
১৪ অক্টোবৰত আৰিয়ান খানক স্থানীয় আৰ্থাৰ ৰোড কাৰাগাৰৰ সাধাৰণ বেৰেকলৈ স্থানান্তৰ কৰা হৈছিল। এনচিবিৰ প্ৰাৰম্ভিক জিম্মা সমাপ্ত হোৱাৰ পিছত দণ্ডাধীশে তেওঁক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আৰু ন্যায়িক জিম্মাত চেণ্ট্ৰেল মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰলৈ প্ৰেৰণ কৰে। য’ত তেওঁক সাত দিনৰ বাবে ৰখা হৈছিল।
লগতে পঢ়কঃৰেভ পাৰ্টিত ড্ৰাগছ সহ গ্ৰেপ্তাৰ হ’ল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান
বৃহস্পতিবাৰে পুৱা পুত্ৰ আৰিয়ান খানক আৰ্থাৰ ৰোড জে’লত দেখা কৰিলে শ্বাহৰুখ খানে। শীঘ্ৰে আৰিয়ানে জামিনত মুক্তি পাব বুলি আশা কৰিছিল যদিও, এটাৰ পিছত আনটো শুনানিত আৰিয়ানৰ জামিন আবেদন খাৰিজ কৰা হৈছে। ভিডিঅ’ কলত ইয়াৰ পূৰ্বে কথা পাতিলেও সোশৰীৰে পুত্ৰৰ সৈতে দেখা কৰিবলৈ আজি কাৰাগাৰত উপস্থিত হ’ল শ্বাহৰুখ খান।