নতুনকৈ পাঠ্যপুথি প্ৰণয়ন কৰাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান চমুকৈ ISROৰ প্রাক্তন মূৰব্বী কে কস্তুৰীৰংগণৰ নেতৃত্বত গঠন কৰি দিছে এখন ১২জনীয়া কৰ্ণধাৰ কমিটী ।
মঙলবাৰে মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰি কৰিছে ।এই কমিটীখনৰ আন সদস্য সকল হৈছে – কৰ্ণাটক জ্ঞান আয়োগৰ সদস্য সচিব এম কে শ্ৰীধৰ, অন্ধ্ৰ প্ৰদেশৰ কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য টি ভি কাট্টিমণি, জামিয়া মিলিয়া ইছলামীয়াৰ উপাচাৰ্য নাজমা আখতাৰ, পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জগবিৰ সিং, মাৰ্কিন গণিতজ্ঞ মঞ্জুলা ভাৰ্গৱ, শিক্ষাবিদ মাইকেল ডেনিঅ’, NBTৰ অধ্যক্ষ গোবিন্দ প্ৰসাদ শৰ্মা, National Institute of Education Planning and Administrationৰ মুৰব্বী মহেশ চন্দ্ৰ পণ্ট, IIM জম্মুৰ মুৰব্বী মিলিন্দ কাম্বলে, বেচৰকাৰী প্ৰতিষ্ঠানৰ ধীৰ জিনগ্ৰাম আৰু শংকৰ মাৰোৱাডা ।
উল্লেখযোগ্য যে,কস্তুৰীৰংগণ নেতৃত্বতেই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা প্ৰস্তুত হৈছিল ।এই কমিটিয়ে নতুন শিক্ষানীতিত এক নতুন ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ আৰ্হি প্ৰস্তুত কৰাৰ পৰামৰ্শ দিয়া হৈছিল। গতিকে এইবাৰ পাঠ্যপুথি প্ৰণয়ন নিগম, ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা তথা শিক্ষক প্ৰশিক্ষণ পৰিষদ চমুকৈ NCERTক এক নতুন NCF যোগান ধৰিবলৈ এই কমিটী গঠন কৰা হৈছে।
কমিটীখনে স্কুলীয়া পাঠ্যপুথি সমূহ কেনে হ’ব সেই সন্দৰ্ভত NCERTক পৰামৰ্শ আগবঢ়াব। NCERTয়ে সেই পৰামৰ্শৰ ওপৰতেই পাঠ্যপুথি সমূহৰ সংশোধন ঘটাব ।
নতুনকৈ গঠন কৰি দিয়া এই ১২জনীয়া কমিটীখনত উত্তৰ পূৱৰ এজনো শিক্ষাবিদক অন্তৰ্ভুক্ত হোৱা নাই।
NCERTৰ পাঠ্যক্ৰমত উত্তৰ পূৱৰ বিষয়ে পৰ্যাপ্ত উল্লেখ নথকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে কমিটীখনত এইবাৰ উত্তৰ পূৱৰ এজনো লোকক অন্তভুক্তি নকৰা বিষয়টোও চিন্তনীয় । ছাত্ৰ ছাত্ৰীৰ শিক্ষা, শিক্ষকৰ প্ৰশিক্ষণ, প্ৰাক প্ৰাথমিক শিক্ষাৰ লগতে প্ৰাপ্ত বয়স্কসকলৰ বাবে শিক্ষা এই বিষয়ত পৰামৰ্শ আগবঢ়াব।
লগতে পঢ়ক- নাওবৈচাত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মণ্ডল