নিউজ ডেস্কঃ এগৰাকী বিজেপি নেতাক ৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টীৰ কৰ্মকৰ্তাই প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ বিজেপি নেতাগৰাকীক কংগ্ৰেছৰ কৰ্মকৰ্তাই প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। এতিয়া এই ঘটনাৰ এটা ভিডিঅ’ মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।
ভিডিঅ’টোত দেখা গৈছে যে বিজেপি নেতা বিনায়ক অম্বেকৰক এজন ব্যক্তিয়ে চৰ সোধাইছে। চন্দ্ৰকান্ত পাটিলে টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে- ‘মহাৰাষ্ট্ৰ প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ বিনায়ক আম্বেকৰক এনচিপিৰ গুণ্ডাই প্ৰহাৰ কৰিছে আৰু বিজেপিৰ তৰফৰ পৰা এই ঘটনাক তীব্ৰ গৰিহণা জনাইছো। কংগ্ৰেছৰ এই গুণ্ডাবোৰৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল’ব লাগে।’
ভাইৰেল হৈ পৰা ভিডিঅটোত দেখা পোৱা গৈছে যে কেইজনমান লোক আম্বেকৰৰ সৈতে প্ৰথমে তৰ্ক কৰিছে। সেই সময়ত এজন ব্যক্তিয়ে আম্বেকৰক চৰ সোধায়। আৰু এতিয়া এই ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।