নিউজ ডেস্কঃ উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ নিৰ্দেশত ধৰ্মীয় অনুষ্ঠানৰ পৰা আঁতৰোৱা হ’ল প্ৰায় ১১,০০০ লাউডস্পীকাৰ। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশ মতে ৰাজ্যখনত সকলো ধৰ্মীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ পৰা লাউড স্পীকাৰ ব্যৱস্থা আঁতৰোৱা হৈছে।

উত্তৰ প্ৰদেশ চৰকাৰৰ তথ্য অনুসৰি, বুধবাৰে সন্ধিয়ালৈকে ধৰ্মীয় স্থানৰ পৰা প্ৰায় ১১,০০০ লাউডস্পীকাৰ আঁতৰোৱা হৈছে। ৰাজ্যখনৰ আঠটা অঞ্চলৰ পৰা লাউডস্পীকাৰ আঁতৰ কৰা হয় যাৰ ভিতৰত আছে আগ্ৰা, মীৰাট, বৰেলী, লক্ষ্ণৌ, কানপুৰ, প্ৰয়াগৰাজ, গোৰখপুৰ, বাৰাণসী,লক্ষ্ণৌ, কানপুৰ, গৌতম বুদ্ধ নগৰ, বাৰাণসী। উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত সৰ্বাধিক ২৩৯৫টা লাউড স্পীকাৰ আঁতৰোৱা হৈছে। ইয়াৰ পিছতে যোগী আদিত্যনাথৰ গৃহ জিলা গোৰখপুৰৰ পৰা আঁতৰোৱা হৈছে ১৭৮৮টা লাউড স্পীকাৰ। বাকী ধৰ্মীয় স্থানবোৰৰ পৰা ৭,৩৯৭ টা লাউডস্পীকাৰ হ্ৰাস কৰে যোগী চৰকাৰে। যিসমূহ লাউডস্পীকাৰ আঁতৰোৱা হৈছে সেই সকলোবোৰ অবৈধভাৱে লগোৱা আছিল বুলি ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে উল্লেখ কৰে।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ২০০৫চনৰ জুন মাহতে আৱাসীসকলৰ স্বাস্থ্যৰ ওপৰত শব্দ প্ৰদূষণৰ গুৰুতৰ প্ৰভাৱৰ কথা উল্লেখ কৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত (ৰাজহুৱা জৰুৰীকালীন অৱস্থাৰ বাহিৰে) ৰাজহুৱাভাৱে লাউডস্পীকাৰ আৰু উচ্চস্তৰৰ সংগীত ব্যৱহাৰ নিষিদ্ধ কৰিছিল।

লগতে পঢ়কঃইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply