নিউজ ডেস্কঃ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ আৰু অধিক বৃদ্ধি পাই গৈ আছে। যুদ্ধ বিধ্বস্ত এই দেশখনত ভাৰতৰ বহু নাগৰিক বৰ্তমানেও আৱদ্ধ হৈ আছে। দিল্লী চৰকাৰৰ এগৰাকী বিষয়াই বৃহস্পতিবাৰে কয় যে ইউক্ৰেইনত দিল্লীৰ প্ৰায় ৬৫০ জন লোক আৱদ্ধ হৈ আছে। ইফালে, ৰাজধানী চহৰ দিল্লীৰ ২১৫জন লোকক ইতিমধ্যে ভাৰতলৈ ঘূৰাই অনা হৈছে।
ইফালে, বুধবাৰে নিশা দিল্লীৰ জিলা মেজিষ্ট্ৰেট, ডিভিজনেল মেজিষ্ট্ৰেটসহ বহু কেইগৰাকী বিষয়াই ইউক্ৰেইনত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা প্ৰায় ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাসগৃহত উপস্থিত হয়। চৰকাৰী বিষয়াসকলে লগতে জনাই যে প্ৰায় ৬০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ সৈতে ফোনযোগা কথা পতা হৈছে।
আনহাতে, মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক শীঘ্ৰেই ঘূৰাই অনাৰ বাবে সকলো ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমনৰ পাছত বৰ্তমানলৈকে প্ৰায় ১৪ হাজাৰ ভাৰতীয় নাগৰিকক ভাৰতলৈ ঘূৰাই অনা হৈছে।