নিউজ ডেস্কঃ দেশত কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে। ক’ৰ’নাৰ দ্বিতীয় ঢৌৱে ভাৰতত ত্ৰাসৰ সৃষ্টি কৰিছে।

কৰোণাৰ তীব্ৰ সংক্ৰমণৰ বাবেই কেন্দ্ৰীয় চৰকাৰে  NEET PG পিচুৱাই দিয়াৰ সিদ্ধান্ত লৈছে।

চাৰি মাহৰ বাবে পিছুৱাই দিয়া হৈছে NEET PG পৰীক্ষা।

পৰীক্ষাৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে শিক্ষাৰ্থীসকলক কমেও এমাহ সময় দিয়া হ’ব।

দেওবাৰে প্ৰধানমন্ত্ৰী মোডীৰ পৰ্যালোচনা বৈঠকৰ পিছত এই সিদ্ধান্তটো ঘোষণা কৰা হৈছিল।

কোভিড ৰোগীৰ চিকিৎসাৰ বাবে অতিৰিক্ত চিকিৎসকৰ প্ৰয়োজন হোৱা বাবে চৰকাৰে এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলকো চিকিৎসা সেৱাত নিয়োজিত কৰাৰ সিদ্ধান্ত লৈছে।

তদুপৰি এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে কমেও ১০০ দিন কোভিড ৰোগীৰ চিকিৎসাত আত্মনিয়োগ কৰিব তেওঁলোকে পৰৱৰ্তী সময়ত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply