নিউজ ডেস্কঃ আকাশ মাৰ্গতে হঠাৎ সন্ধানহীন হৈ পৰিল এখন যাত্ৰীবাহী বাহন। দৰাচলতে, নেপালৰ ব্যক্তিগত বিমান এয়াৰলাইন তাৰা এয়াৰৰ এখন বিমান দেওবাৰে সন্ধানহীন হৈ পৰে। বিমানখনৰ ট্ৰেফিক কন্ট্ৰ’লৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, তাৰা এয়াৰৰ এই যাত্ৰীবাহী বিমানখনত আছিল মুঠ ২২ গৰাকী যাত্ৰী। আৰু ইয়াৰে ৪ গৰাকী ভাৰতীয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, পুৱা ৯.৫৫ বজাত Tara Air 9 NAET বিমানখন পোখৰাৰ পৰা জোমসোম দিশে উৰা মৰা এই বিমানখনে মুস্তাংগ এলেকাৰ ওপৰেৰে পাৰ হোৱাৰ পাছতে ট্ৰেফিক কন্ট্ৰ’লৰ সৈতে সংযোগ বিচ্ছিন্ন হয়।

ইফালে, নেপালৰ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে যে, দুখন হেলিকপ্টাৰযোগে এই সন্ধানহীন বিমানখনৰ সন্ধান বিচাৰি থকা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply