নিউজ ডেস্ক : প্ৰবল বৰষুণৰ ফলত নেপালত হঠাৎ অহা বানপানীত এজন ভাৰতীসহ ৭ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২০ জন লোক সন্ধানহীন হৈ আছে।

সন্ধানহীন সকলৰ ভিতৰত ২ গৰাকী ভাৰতীয় নাগৰিক আৰু এগৰাকী চীনৰ নাগৰিক আছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে, নেপালৰ কাঠমাণ্ডুৰ পৰা ৬৫ কি.মি আঁতৰৰ সিন্ধুপালচোক অঞ্চলত প্ৰবল বৰষুণৰ ফলত মেলামচি নদীত বিধ্বংসী বানপানীৰ ধল নামি আহে।

নিহত তথা সন্ধানহীন লোককেইজনে মেলামচি পানী প্ৰকল্পত কৰ্মৰত শ্ৰমিক হিচাপে আছিল।

নেপালৰ স্বাস্থ্য মন্ত্ৰী শ্বেৰ বাহাদুৰ টামাঙে ফেচবুক প’ষ্টৰ জৰিয়তে জনাই যে মেলামচি আৰু ইন্দ্ৰাৱতী নদীৰ বানে মেলামচি খোৱা পানী প্ৰকল্পৰ বান্ধ, টিম্বু বজাৰ, চানাউটে বজাৰ, টলামাৰাং বজাৰ আৰু মেলামচি বজাৰৰ ক্ষতিসাধন কৰে।

সন্ধানহীন সকলৰ উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : কাৰ্বি আংলঙত ৭ কোটি টকাৰ হেৰ’ইন জব্দ; মহিলাসহ দুজনক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে যোৱা বুধবাৰে ভয়ংকৰ বানপানী-ভূমিস্খলনৰ ফলত চুবুৰীয়া দেশ ভূটানত ১০ জন লোকে প্ৰাণ হেৰুৱাইছিল।

ভূটানৰ পাৰ্বত্য অঞ্চল লায়াত ঔষধি উদ্ভিদৰ সন্ধান কৰি থকাৰ সময়তে পৰ্বতৰ পৰা নামি অহা বানৰ ঢলে ১০ জনকৈ লোকক উটুৱাই লৈ যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply