নিউজ ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাই যোগৰ সৃষ্টিৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি চৰ্চিত হ’ল নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি।

অলিয়ে কয় যে যোগৰ উৎপত্তি ভাৰতত নহয় বৰঞ্চ নেপালতহে হৈছিল। যোগৰ উৎপত্তি হোৱাৰ সময়ত ভাৰত নাছিলেই। সেই সময়ত ভাৰত এটা দ্বীপহে আছিল।

তেওঁ ভাৰতীয় বিশেষজ্ঞসকলক সমালোচনা কৰি কৈছে যোগ সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য ভাৰতীয় বিশেষজ্ঞই বিশ্বৰ পৰা লুকুৱাই ৰাখিছে।

কে পি অলি শৰ্মাৰ এই মন্তব্যই এতিয়া সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে।

ছ’চিয়েল মিডিয়াত অলিক বহু জনে ট্ৰ’ল কৰিছে। অলিৰ এই মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত নানা ধৰণৰ ”Memes”ৰে ভৰি পৰে।

মন কৰিবলগীয়া যে এইগৰাকী কে পি শৰ্মা অলিয়ে কিছুদিন পূৰ্বে অযোধ্যা ভাৰতৰ পৰিৱৰ্তে নেপালত হে আছে বুলি মন্তব্য কৰিছিল। ভগৱান শ্ৰী ৰাম চন্দ্ৰৰ জন্ম নেপালতহে হোৱা বুলি মন্তব্য কৰিছিল। তেওঁৰ মতে ভাৰতৰ অযোধ্য ভুৱা, নেপালৰ বীৰগঞ্জৰ পশ্চিমেহে প্ৰকৃত অযোধ্যা অৱস্থিত।

কে পি শৰ্মা অলিৰ এই মন্তব্যক সকলোৱে ধিক্কাৰ দিছে।

আৰু পঢ়কঃবৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে যদিও পুনৰ ঘূৰি অহাৰ সম্ভাৱনা আছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply