নিউজ ডেস্কঃ Netflix ব্যৱহাৰকাৰী সকলৰ বাবে সুখবৰ। অতি কম মূল্যত Netflix য়ে গ্ৰাহকৰ বাবে আগবঢ়াব আকৰ্ষণীয় পেকেজ। গ্ৰাহকক এই সুবিধা প্ৰদান কৰিবলৈ ইতিমধ্যে Microsoftৰ লগত Netflix এ পাৰ্টনাৰশ্বিপ কৰিছে। মাইক্ৰ’ছফ্ট নেটফ্লিক্সৰ global advertising technology আৰু sales অংশীদাৰ হ’ব।

এই সন্দৰ্ভত Microsoftৰ শীৰ্ষ বিষয়া মিখাইল পাৰাখীনে কয় যে এইয়া Netflix আৰু Microsoftৰ বাবে এটা উল্লেখ্যনীয় দিন। আমি মাৰ্কেট আৰু পাৰ্টনাৰৰ এই ইকো চিষ্টেমক এটা নতুন প্ৰিমিয়াম মূল্যত আগবঢ়াবলৈ যথেষ্ট উৎসাহী।

Netflixএ এপ্ৰিল মাহতে ঘোষণা কৰিছিল যে তেওঁলোকে এটা নতুন ‘এড চাপ’ৰ্ট ছাবছক্ৰিপছন’ আঁচনি মুকলি কৰাৰ পৰিকল্পনা কৰিছে। গ্ৰাহকৰ বাবে এই পেকেজ অতি কম মূল্যতে উপলব্ধ হ’ব।

Netflixৰ এই কম মূল্যৰ নতুন পেকেজটোত বিজ্ঞাপনো থাকিব। Netflixত দেখা পোৱা সকলো বিজ্ঞাপন Microsoftৰ ফালৰ পৰা দিয়া হ’ব। ইয়াৰ লগতে বিভিন্ন ধৰণৰ পুৰস্কাৰপ্ৰাপ্ত অনুষ্ঠানো উপলব্ধ হ’ব। পিছে নতুন পেকেজৰ মূল্য কিমান হ’ব সেই সন্দৰ্ভত একো সদৰী কৰা নাই।

উল্লেখ্য যে, Netflixৰ পেকেজ সমূহৰ মূল্য বেছি হোৱাৰ কাৰণে কোম্পানীটোৱে বহুত লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। চলিত বৰ্ষৰ মাৰ্চ মাহতে Netflixএ প্ৰায় ২লাখ গ্ৰাহকক হেৰুৱাইছিল। এই লোকচানৰ ক্ষতিপূৰণৰ বাবে কোম্পানীটোৱে নতুনকৈ গেমিং চাৰ্ভিছ মুকলি কৰিছে। গেম খেলাৰ বাবে গ্ৰাহকে অতিৰিক্ত টকা দিব নালাগে। গ্ৰাহকে ব্যৱহাৰ কৰা পেকেজটোতে গেম খেলাৰ সকলো সুবিধা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply