নিউজ ডেস্ক : দেশত অব্যাহত আছে ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ। প্ৰতিদিনে দেশত কভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা তিনি লক্ষাধিক অতিক্ৰম কৰিছে। মৃতকৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে দেশত। বিগত ২৪ ঘণ্টাত দেশত ক’ভিড আক্রান্তৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰিছে। ২৪ ঘণ্টাত সমগ্ৰ দেশতে ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৩ লাখ ৮৬ হাজাৰ ৪৫২ জন লোক। আনহাতে মৃত্যু ঘটিছে ৩ হাজাৰ ৪৯৮ জন ক’ভিড আক্রান্ত লোকৰ।
দেশত ক’ভিড মহামাৰীৰ তাণ্ডৱলীলা নিয়ন্ত্ৰণহীন হৈ পৰিছে। দেশৰ কেইবাখনো ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ দ্বিতীয়টো ঢৌৱে। দেশৰ ৰাজধানী দিল্লী, বাণিজ্যিক নগৰী মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশৰ পৰিস্থিতিৰ ইমানেই অৱনতি ঘটিছে যে ক’ভিড ৰোগীৰ বাবে চিকিৎসালয় সমূহত ঠাইৰ অভাৱ ঘটিছে। অক্সিজেনৰ অভাৱত মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ লোক।
ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বহু নীতি-নিৰ্দেশনা জাৰি কৰিছে আনকি চৰকাৰে লকডাউনৰ দৰে কঠোৰ সিদ্ধান্তও গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ পিছতো দেশত প্ৰতিদিনে ক’ভিড আক্রান্তৰ সংখ্যা নতুন নতুন অভিলেখ গঢ়ি আছে। বিগত ৯ দিন ধৰি দেশত ধাৰাবাহিকভাৱে ক’ভিড আক্ৰান্তৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰিছে।
বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত নতুনকৈ ৩ লাখ ৮৬ হাজাৰ ৪৫২ জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ৩ হাজাৰ ৪৯৮ জন লোকৰ। অৱশ্যে দেশত ২ লাখ ৯৭ হাজাৰ ৫৪০ জন কভিড ৰোগী সুস্থ হৈ উঠিছে। উল্লেখ্য যে বুধবাৰে দেশত ৩ লাখ ৭৯ হাজাৰ ২৫৭ জন লোক নতুনকৈ আক্রান্ত হৈছিল।
ইফালে মহাৰাষ্ট্ৰত এদিনত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৬৬ হাজাৰ ১৫৯। বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত মৃত্যু ঘটিছে ৭৭১ জন ক’ভিড আক্রান্ত ৰোগীৰ। দেশৰ ৰাজধানী দিল্লীত ২৪ ঘণ্টাত ৩৯৫ জন কভিড ৰোগীৰ মৃত্যু হোৱাৰ পৰিবৰ্তে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২৪ হাজাৰ ২৩৫ জন লোক। আনহাতে যোৱা ২৪ ঘণ্টাত দিল্লীত সুস্থ হৈ উঠিছে ২৫ হাজাৰ ৬১৫ জন ক’ভিড আক্রান্ত লোক।