নিউজ ডেস্কঃ এইবাৰ ঘৰ ভাড়াতো পৰিশোধ কৰিব লাগিব GST। ১৮ জুলাইৰ পৰা প্ৰযোজ্য হোৱা জিএছটিৰ নতুন নিয়মৰ অধীনত ঘৰভাড়াৰ ওপৰত জিএছটি আৰোপৰ পৰামৰ্শ দিয়া হৈছে৷
এতিয়ালৈকে কাৰ্যালয় বা খুচুৰা সামগ্ৰী বিক্ৰী কৰাৰ বাবে লোৱা ঘৰৰ ভাড়াৰ ওপৰত কৰ আৰোপ কৰা হৈছিল। এইবাৰ, সাধাৰণ ঘৰৰ ভাড়াৰ ওপৰতো কৰ আৰোপ কৰিব।
এইবাৰ, GST ঘৰভাড়াৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। ইমান দিনধৰি, কাৰ্যালয় বা খুচুৰা বিপনী আদিৰ দৰে বাণিজ্যিক কাৰণত ভাড়াত লোৱা ঘৰৰ ভাড়াৰ ওপৰত কৰ আৰোপ কৰা হৈছিল। কিন্তু নতুন নিয়ম মতে যদি ভাড়াতীয়াজনে তেওঁৰ পেছাদাৰী ভিত্তিত জিএছটিৰ সৈতে পঞ্জীয়ন কৰে, তেনেহ’লে তেওঁ ভাড়াত লোৱা ঘৰটোৰ বাবে অতিৰিক্ত ১৮ শতাংশ কৰ পৰিশোধ কৰিব লাগিব। যিসকল পঞ্জীভুক্ত ভাৰাতীয়া সামগ্ৰী আৰু সেৱা কৰৰ অধীনত পৰে তেওঁলোকে এই হাৰত কৰ পৰিশোধ কৰিব লাগিব। অৱশ্যে, ইনপুট কৰ ক্ৰেডিটৰ নিয়ম অনুসৰি সেই কৰ ঘূৰাই দিয়া হ’ব।
অৱশ্যে জিএছটি নিয়ম অনুসৰি যদি বেতনভোগী সাধাৰণ মানুহে বাস কৰিবলৈ এটা ঘৰ বা ফ্লেট ভাড়া লৈ থাকে, তেওঁলোকে এই কৰ পৰিশোধ কৰিব নালাগিব। অৱশ্যে, যিসকলে আত্মনিৰ্ভৰশীল বৃত্তিত জড়িত বা নিজে ব্যৱসায় কৰি উপাৰ্জন কৰে, তেওঁলোকে এই কৰ পৰিশোধ কৰিব লাগিব।
আত্মনিৰ্ভৰশীল বৃত্তিৰ লোকসকলে যদি তেওঁলোকৰ ঘৰৰ পৰা তেওঁলোকৰ জিএছটি-পঞ্জীভুক্ত বৃত্তি জড়িত হয় আৰু তেওঁলোকৰ বাৰ্ষিক উপাৰ্জন কৰ যোগ্য উপাৰ্জনতকৈ অধিক হয় তেনেহ’লে ঘৰৰ ভাড়াৰ ওপৰত অতিৰিক্ত ১৮শতাংশ কৰ পৰিশোধ কৰিব লাগিব।