নিউজ ডেস্কঃ অৱশেষত অন্ত পৰিল ‘ব্ৰু’ সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া সমস্যা। ত্ৰিপুৰাৰ ধলাই জিলাৰ লংটেৰাই ৰেঞ্জৰ হাদুকলাউ এতিয়াৰ পৰা ব্ৰু সকলৰ নতুন ঠিকনা। ইতিমধ্যে সম্প্ৰদায়টোৰ প্ৰায় ৪০০ৰো অধিক শৰণাৰ্থীয়ে চৰকাৰে প্ৰদান কৰা ভূমিত ঘৰ স্থাপন কৰিবলৈ শিবিৰ এৰিছে। উত্তৰ ত্ৰিপুৰা জিলাৰ কাঞ্চনপুৰ মহকুমাৰ নাইসিংপাৰা শিবিৰত বাস কৰা ৯২ টা পৰিয়ালৰ মুঠ ৪২৬ জন লোকক ধলাই জিলাৰ হাদুকলাউলৈ অনা হৈছে।

‘ব্ৰু’ সম্প্ৰদায়ৰ লোকসকল মূলতঃ মিজোৰামৰ। কিন্তু স্থানীয় মিজোসকলৰ সৈতে সংঘাতৰ জাতিগত সংঘৰ্ষৰ পিছত প্ৰায় ২৫ বছৰ পূৰ্বে মিজোৰাম এৰি পলাই গৈছিল। ১৯৯৭চনৰ পৰা ব্ৰু সম্প্ৰদায়ৰ প্ৰায় ৩৭,১৩৬ শৰণাৰ্থীয়ে ত্ৰিপুৰাত আশ্ৰয় লৈ আছে।

কাঞ্চনপুৰৰ উপ-বিভাগীয় দণ্ডাধীশ সুভাষ আচাৰ্যই কয় যে মিজোৰামৰ ৩৭,০০০ ৰো অধিক ব্ৰু সম্প্ৰদায়ৰ লোকসকলক কাঞ্চনপুৰ মহকুমাত ২৫ বছৰতকৈও অধিক সময় ধৰি সাতটা শিবিৰত আশ্ৰয় দিয়া হৈছিল। এই বছৰৰ ৩১ আগষ্টৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শৰণাৰ্থীসকলক সংস্থাপন দিয়া হ’ব।

কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰ, মিজোৰামৰ ৰাজ্য চৰকাৰ আৰু ত্ৰিপুৰাৰ শৰণাৰ্থী শিবিৰত বাস কৰা ‘ব্ৰু’ সম্প্ৰদায়ৰ লোকৰ মাজত বিগত বছৰ জানুৱাৰী মাহত হোৱা স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি শৰণাৰ্থী শিবিৰৰ প্ৰথমটো দলক সংস্থাপন দিয়া হৈছে।

প্ৰত্যেকটো পৰিয়ালকে ১২০০ বৰ্গফুটৰ ভূমি আৰু ঘৰ নিৰ্মাণ কৰিবলৈ ১.৫লাখকৈ প্ৰদান কৰিছে চৰকাৰে। লগতে চৰকাৰৰ লগত স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি প্ৰতিটো পৰিয়ালৰ বাবে ৪লাখ টকাৰ ফিক্সড ডিপোজিট, মাহিলী খৰচৰ বাবদ ৫০০০টকা আৰু দুবছৰৰ বাবে বিনামূলীয়া মাহিলী ৰেচন আৰু গাঁৱ সমূহত বিদ্যালয় স্থাপনৰ নিশ্চয়তা প্ৰদান কৰিছে চৰকাৰে।

ব্ৰু সম্প্ৰদায়ৰ এজন সদস্য থালিৰুং ৰিয়াঙে এই সন্দৰ্ভত কয় যে আমি এতিয়া যথেষ্ট সুখী। আমি মাটি পাইছো, আমাৰ নিজৰ ঘৰ নিৰ্মাণৰ বাবে টকা পাইছো। আমাৰ ল’ৰা-ছোৱালীৰ বাবে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰা হৈছে আৰু প্ৰশাসনে আমাক ৰাজসাহায্যযুক্ত ৰেচন কাৰ্ড প্ৰদানৰ বাবেও আশ্বাস দিছে।

কেন্দ্ৰীয় সামাজিক সশক্তিকৰণ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে কয়, “ত্ৰিপুৰাত ২৫ বছৰ ধৰি বসবাস কৰি থকা ব্ৰু সম্প্ৰদায়ৰ লোকসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু সমস্যাটো সমাধানৰ বাবে কাম কৰি আছে।”

পুনৰ্সংস্থাপনৰ সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰা বিষয়া ড০ মানস দেৱে কয় যে ১,৬৩৮ টা ব্ৰু পৰিয়ালক ধলাই জিলাৰ হাদুকলাউ,বঙাফাপাৰা আৰু উত্তৰ ত্ৰিপুৰা জিলাৰ কাস্কাও, ৱাইম্বুখেৰা-ৰাণীপাৰা নামৰ এই চাৰিটা স্থানত পুনৰ্সংস্থাপনৰ দিয়া হৈছে।

ৰাজ্যখনৰ ১৪ টা স্থানত মুঠ ৬,৯৫৯ টা পৰিয়ালক পুনৰ সংস্থাপন দিব চৰকাৰে। গোমতী জিলাৰ অমৰপুৰ মহকুমাৰ কালাঝাৰী পাহাৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত ৩১ আগষ্টত বা তাৰ আগতে সকলো ব্ৰু সপ্ৰদায়ৰ লোকক পুনৰ সংস্থাপন দিয়া হ’ব।

তেওঁলোকৰ বাসগৃহবোৰ কালাঝাৰী পাহাৰ আৰু ৰাজ্যৰ অন্যান্য অংশত ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। ৩০০০ৰো অধিক পৰিয়ালৰ ২১০০০ৰ অধিক পুনৰ্সংস্থাপন দিবলৈ বাকী থকা লোকখিনিক ৩১ আগষ্টৰ ভিতৰত ভূমি প্ৰদান কৰা হ’ব।

উল্লেখ্য যে, পশ্চিম মিজোৰামৰ বাংলাদেশ আৰু ত্ৰিপুৰাৰ কাষৰীয়া সম্প্ৰদায়খোদিত অঞ্চলসমূহৰ বাবে পৃথক স্বায়ত্তশাসিত জিলা পৰিষদৰ দাবীৰ পিছত, ১৯৯৭ চনৰ ছেপ্টেম্বৰত উদ্বেগজনক ব্ৰু সমস্যা আৰম্ভ হয়। জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ লগে লগে বহু সংখ্যক ব্ৰু লোক মিজোৰামৰ পৰা ত্ৰিপুৰালৈ পলাই গৈছিল।কেন্দ্ৰ চৰকাৰে ত্ৰিপুৰা আৰু মিজোৰাম চৰকাৰৰ সৈতে যোৱা এক দশক ধৰি ব্ৰু লোক সকলক স্বৰাজ্যলৈ প্ৰত্যাৱৰ্তন বাবে চেষ্টা কৰি আহিছিল। ত্ৰিপুৰাৰ পৰা ব্ৰু সকলক স্বৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰাৰ প্ৰথম প্ৰয়াস ২০০৯ চনৰ নৱেম্বৰত আৰু ২০১৯ চনত শেষবাৰৰ বাবে কৰা হৈছিল।

কিন্তু কেইবাটাও ব্ৰু সম্প্ৰদায়ৰ পৰিয়ালে নিজৰ নিৰাপত্তা ৰক্ষা আৰু অপৰ্যাপ্ত পুনৰ্সংস্থাপন পেকেজৰ কথা উল্লেখ কৰি মিজোৰামলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছিল আৰু আন কিছুমানে সম্প্ৰদায়টোৰ বাবে এটা পৃথক স্বায়ত্তশাসিত পৰিষদৰ দাবীও জনাইছিল। ইয়াৰ পাছতে ২০২০চনৰ জানুৱাৰী মাহত হোৱা চুক্তিত এই জনজাতীয় লোকসকলক ত্ৰিপুৰাত স্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,462 other subscribers

Leave a comment

Leave a Reply Cancel reply