নিউজ ডেস্ক: দেশত হয়টো কাৰ্যকৰী হোৱাৰ পথত নতুন শ্রম আইন। এইয়া কাৰ্যকৰী হ’লে কৰ্মচাৰীসকলৰ মজুৰি, ভৱিষ্যনিধি আৰু কামৰ সময়ৰ ক্ষেত্ৰত যথেষ্ট সংস্কাৰ ঘটাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে অহা ১ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশত নতুন শ্ৰম আইন কাৰ্যকৰী কৰাৰ দিশত পৰিকল্পনা কৰিছে। এই সম্পৰ্কত বিগত কিছুদিন ধৰি আলোচনা পূৰ্ণগতিত চলি আছে। নতুন শ্ৰম আইনৰ অধীনত কৰ্মচাৰীৰ ভৱিষ্যনিধি বৃদ্ধি পোৱাৰ বিপৰীতে কামৰ সময় আৰু হাতলৈ অহা দৰমহা হ্ৰাস পাব।
ইয়াৰ ফলত কোম্পানীসমূহে কৰ্মচাৰীৰ কামৰ দৈনিক সময় ৮-৯ ঘণ্টা পৰা ১২ ঘণ্টালৈ বৃদ্ধি কৰিব পাৰিব, অৱশ্যে ইয়াৰ বিনিময়ত তেওঁলোকে কৰ্মচাৰীসকলৰ সাপ্তাহিক বন্ধ দুদিনৰ পৰা তিনিদিনলৈ বৃদ্ধি কৰিব লাগিব।
নতুন শ্ৰম আইনৰ অধীনত এগৰাকী কৰ্মচাৰীয়ে সপ্তাহত ৪৮ ঘণ্টা সময় কাম কৰিব লাগিব। পূৰ্বতে ছুটীৰ বাবে আবেদন কৰিবলৈ বছৰত নূন্যতম ২৪০টা কৰ্মদিনৰ প্ৰয়োজন আছিল। এতিয়া ইয়াক বছৰত ১৮০টা কৰ্মদিনলৈ হ্ৰাস কৰা হৈছে।
আনহাতে নতুন শ্ৰম ক’ডৰ অধীনত মূল দৰমহা মুঠ মাহিলি দৰমহাৰ কমেও ৫০ শতাংশ হ’ব যাৰ ফলত কৰ্মচাৰীসকলৰ হাতলৈ অহা দৰমহা বৰ্তমানৰ তুলনাত হ্ৰাস পোৱাৰ বিপৰীতে ভৱিষ্যনিধি বৃদ্ধি পাব। এইক্ষেত্ৰত ব্যক্তিগত খণ্ডত কাম কৰা কৰ্মচাৰীসকল চৰকাৰী কৰ্মচাৰীসকলৰ তুলনাত অধিক প্ৰভাৱিত হ’ব।
উল্লেখযোগ্য যে কেন্দ্ৰীয় শ্ৰম আইনৰ ৪৪ টা ধাৰাক একত্ৰিত কৰি কেন্দ্ৰীয় চৰকাৰে চাৰিটা নতুন শ্ৰম ক’ড প্ৰস্তুত কৰিছে। উক্ত শ্ৰম ক’ডৰ অধীনত চৰকাৰে অসংগঠিতখণ্ডৰ শ্ৰমিকসকলক স্বাস্থ্য বীমা আঁচনিৰ অধীনলৈ অনাৰ ব্যৱস্থা কৰিব। ফলত এইসকল কৰ্মচাৰীয়ে ESIC সুবিধা লাভ কৰিব পাৰে।
আনহাতে নতুন শ্ৰম আইনে কোম্পানীসমূহক শ্ৰমিকৰ চাটাই কৰা সহজ কৰি তুলিব। ইয়াৰ অধীনত ৩০০তকৈ কম কৰ্মচাৰীয়ে কাম কৰা কোম্পানীসমূহে কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ অনুমতি লোৱাৰ প্ৰয়োজন নাথাকিব।
লগতে পঢ়ক – হোটেল ৰেডিছন ব্লুত কি কৰি সময় কটাইছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলে?