নিউজ ডেস্ক : নতুন বৰ্ষত দেশবাসীলৈ কেতবোৰ নতুন নিয়মৰ উপহাৰ। নতুন বৰ্ষত কেতবোৰ নতুন নিয়মৰ বাবে সাজু হ’ব লাগিব সকলো। মূল্যবৃদ্ধিয়ে কোঙা কৰা সৰ্বসাধাৰণ ৰাইজৰ ওপৰত পৰিব আৰু অধিক বোজা।

নতুন বছৰত দেশবাসীৰ মূৰত ওপৰত আৰু অধিক বোজা জাপি দিয়াৰ প্ৰস্তুতি চৰকাৰৰ। ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা জাৰি কৰা হ’ব কেতবোৰ নতুন নিয়ম। এই নতুন নিয়ম অনুসৰি এটিএম’ৰ পৰা ধন উলিয়াব লাগিলেও ভৰিব লাগিব অতিৰিক্ত ধন।

নিৰ্দিষ্ট কৰি দিয়া সময়তকৈ অধিক বাৰ এটিএম’ৰ পৰা ধন উলিয়ালে ভৰিব লাগিব প্ৰতি বাৰত ২১ টকাকৈ৷ প্ৰতি মাহত কেৱল মাত্ৰ ৫ বাৰহে এটিএম’ৰ পৰা বিনামুলীয়াকৈ উলিয়াব পাৰিব ধন৷ ইয়াৰ লগতে জোতা-চেণ্ডেল, সাজ-পোছাক, বাহনৰ অত্যাধিক মুল্যবৃদ্ধি হ’ব৷

লগতে পঢ়ক  : নিমাতীত বনভোজৰ উদুলী মুদুলী পৰিৱেশ

জিএছটি’ৰ দোহাই দি নতুন বর্ষত জনতাক মাধমাৰ সোধাব চৰকাৰে। জোতা-চেণ্ডেল আৰু কাপোৰত ১২ শতাংশলৈ বৃদ্ধি কৰা হৈছে জিএছটি। ১ হাজাৰ টকা তলৰ মূল্যৰ কাপোৰত জিএছটি ৭ শতাংশ ধাৰ্য কৰা হৈছে৷ বৃদ্ধি হব মাৰুতি গাড়ীৰো মূল্যও৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply